বেংকৰ পৰা ৰন্ধন গেছ আৰু ৱাটছএপলৈঃ আজিৰে পৰা প্ৰযোজ্য হ'ব বহু সালসলনি

এই নতুন নিয়ম অনুসৰি বেংক অৱ বৰোদাৰ গ্ৰাহকে এমাহত তিনিবাৰতকৈ অধিকবাৰ বেংকৰ পৰা ধন উলিয়ালে মাচুল জমা দিব লাগিব
বেংকৰ পৰা ৰন্ধন গেছ আৰু ৱাটছএপলৈঃ আজিৰে পৰা প্ৰযোজ্য হ'ব বহু সালসলনি
Published on: 

আজি এক নৱেম্বৰৰ পৰা বেংকৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ৱাটছএপলৈঃ বহুকেইটা নতুন নিয়ম প্ৰযোজ্য হৈছে ৷ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২৬৪টকাকৈ বৃদ্ধি কৰা হৈছে ৷ একেদৰে পুৰণি এণ্ড্ৰয়ড আৰু আই অ' এচ ম'বাইল ফোনত ৱাটছএপ নচলিব বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ ৷

ইপিনে, বেংক অৱ বৰোদাই ইয়াৰ গ্ৰাহকসকলৰ ক্ষেত্ৰত এটা নিয়ম প্ৰযোজ্য কৰিছে ৷ এই নতুন নিয়ম অনুসৰি বেংক অৱ বৰোদাৰ গ্ৰাহকে এমাহত তিনিবাৰতকৈ অধিকবাৰ বেংকৰ পৰা ধন উলিয়ালে মাচুল জমা দিব লাগিব ৷ তদুপৰি এক নিৰ্দিষ্ট সীমাৰ বাহিৰত ধন জমা কৰাৰ ক্ষেত্ৰতো বেংকক মাচুল দিব লাগিব ৷

আনহাতে, ভাৰতীয় ষ্টেট বেংক (এছ বি আই)-এ পেঞ্চনাৰসকলে জমা দিয়া "জীৱিত"ৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো এটা নতুন নিয়ম প্ৰযোজ্য কৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com