সেও মানিলে গৰ্গ চেটাৰ্জীয়েঃ নিঃচৰ্ত ক্ষমা বিচাৰিলে অসমবাসীৰ ওচৰত

আজি এই বিতৰ্কিত বুদ্ধিজীৱীজনে অসমবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰি এটা টুইট কৰে।
সেও মানিলে গৰ্গ চেটাৰ্জীয়েঃ নিঃচৰ্ত ক্ষমা বিচাৰিলে অসমবাসীৰ ওচৰত

অৱশেষত সেও মানিলে বহু বিতৰ্কিত গৰ্গ চেটাৰ্জীয়ে। বৰ অসম গঢ়োতা চাওলুং চুক্যাফা সম্পৰ্কত অতি আপত্তিজনক মন্তব্য কৰি আইনী জঞ্জালত সাঙোৰ খাই পৰা কলকাতা এই লোকজনে অসমবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰিছে। আজি এই বিতৰ্কিত বুদ্ধিজীৱীজনে অসমবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰি এটা টুইট কৰে। এই টুইটৰ সৈতে তেওঁ টুইটাৰত এটা ভিডিঅ' আপলোড কৰে। এই ভিডিঅ'ত তেওঁ অসমবাসীৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচৰা দেখা গৈছে। টুইটটোত তেওঁ কৈছে, " মই অসমবাসীৰ ওচৰত, টাই আহোম জনগোষ্ঠীৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা জনাইছো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা জনাইছো। চ্যুকাফা সম্পৰ্কত কৰা মোৰ মন্তব্য অনাকাংক্ষিত আছিল"।

উল্লেখ্য যে বহু বিতৰ্কিত চেটাৰ্জীয়ে চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিছিল। তদুপৰি তেওঁ অসম চৰকাৰে এজন চীনা আক্ৰমণকাৰীৰ সোঁৱৰণত অসম দিৱস পাতে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। তেওঁৰ এনে অতি আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভাস্কৰ পাপুকন গগৈ নামৰ এজন লোকে আৰক্ষীক গোচৰ দিছিল। কিন্তু অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত গুৱাহাটীৰ এখন আদালতে চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতা আৰক্ষীক নিৰ্দেশ দিয়ে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com