দিহিং-পাটকাইত কয়লা খনন বিতৰ্কঃ দৃষ্টান্তমূলক মূল্য ভৰিব লাগিব, উচ্চ ন্যায়ালয়ৰ সকীয়নী

ন্যায়ালযে এই গোচৰৰ পৰৱৰ্তী শুনানী গ্ৰহণ কৰিব অহা ২০জুলাইত
দিহিং-পাটকাইত কয়লা খনন বিতৰ্কঃ দৃষ্টান্তমূলক মূল্য ভৰিব লাগিব, উচ্চ ন্যায়ালয়ৰ সকীয়নী

দিহিং-পাটকাইত কয়লা খনন বিতৰ্কঃ দৃষ্টান্তমূলক মূল্য ভৰিব লাগিব, উচ্চ ন্যায়ালয়ৰ সকীয়নী

দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে কেন্দ্ৰই অনুমতি দিয়া বুলি ৰাজ্যজুৰি অব্যাহত থকা তুমুল বিতৰ্কৰ মাজতে বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে ৷ এই গোচৰৰ শুনানী গ্ৰহণ কৰি ন্যায়ালয়ে অহা ১৪জুনৰ ভিতৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে ক'ল ইণ্ডিয়া লিমিটেডক স্থিতি অৱগত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । উক্ত দিনাৰ ভিতৰত শপতনামা যোগে তিনিওটা পক্ষই ন্যায়ালয়ক স্থিতি অৱগত কৰিব লাগিব ৷ এই ক্ষেত্ৰত ব্যৰ্থ হ'লে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ক'ল ইণ্ডিয়া লিমিটেডে দৃষ্টান্তমূলক মূল্য ভৰিব লাগিব বুলি ন্যায়ালয়ে সকীয়নী জাৰি কৰিছে ৷ এনে দৃষ্টান্তমূলক মূল্য আৰোপ কৰিব ন্যায়ালয়ে। ন্যায়ালযে এই গোচৰৰ পৰৱৰ্তী শুনানী গ্ৰহণ কৰিব অহা ২০জুলাইত ।ন্যায়ালয়ে এই নিৰ্দেশ জাৰিৰ সময়ত মন্তব্য কৰে যে উপযুক্ত অধ্যয়ন অবিহনে দিহিং-পাটকাইৰ ছালেকি বনাঞ্চলত কয়লা খনন কৰিলে প্ৰাকৃতিক পৰিৱেশত প্ৰৱল বিৰূপ প্ৰভাব পৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৷ উল্লেখ্য যে দিহিং-পাটকাইট কক্ষলা খননৰ বিৰোধিতা কৰি বিভিন্ন ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত বহুকেইখন জনস্বাৰ্থ জৰিত আবেদন(পি আই এল)দাখিল কৰিছে ৷ এই পি আই এলসমূহৰ প্ৰথমখনত অভিযোগ কৰা হৈছে যে দিহিং-পাইকাইট কয়লা খননৰ ফলত পৰিৱেশ আৰু বন সংৰক্ষণ আইন উলংঘা হৈছে ৷ তদুপৰি এই কয়লা খননৰ ফলত অন্যান্য পৰিবেশ সম্বন্ধীয় আইনো উলংঘা হৈছে বুলি উক্ত পি আই এলত অভিযোগ উত্থাপন কৰা হৈছে ৷

উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় সিং আৰু ন্যায়াধীশ সুমিত্ৰা শইকীয়াৰ এখন পীঠে এই নিজাববীয়া গোচৰ ৰুজু কৰিছে । বিচাৰপীঠে অহা ১৪জুনৰ ভিতৰত শপতনামাযোগে স্থিতি জনাবলৈ কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ক'ল ইণ্ডিয়া লিমিটেডক নিৰ্দেশ দিছে ৷ উল্লেখ্য যে এই কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত বহুসংখ্যক জনস্বাৰ্থজড়িত আবেদন(পি আই এল)দাখিল হৈছে ৷ ইয়াৰে প্ৰথমখন আবেদন যোৱা ২৬মে'ত দাখিল কৰে মৃণ্ময় খাটনিয়াৰ আৰু অমৰজ্যোতি ডেকাই ।এই সম্পৰ্কত দ্য ছেণ্টিনেল ডিজিটেলক মৃণ্ময় খাটনীয়াৰে কয়, " ২৬মে'ত দই আৰু অমৰজ্যোতি ডেকাই পি আই এল দাখিল কৰো ৷ তাৰ পাছতে ৩০মে'ত অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বিক্ৰম ৰাজখোৱাই আন এখন পি আই এল দাখিল কৰে ৷ আমাক ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছে ডি কে দাস আৰু আৰ এছ চৌধুৰীয়ে ৷ সম্প্ৰতি ন্যায়ালয়ে নিজাববীয়া গোচৰ লৈছে ৷" খাটনীয়াৰে লগতে কয় যে দিহিং-পাটকাইত কয়লা খননৰ অনুমতি দিলে অঞ্চলটোত বৃহৎ নেতিবাচক প্ৰভাৱ পৰিব ৷ "কয়লা খননৰ অনুমতি দিলে বন্যপ্ৰাণীৰ বসতিস্থল ধ্বংস হ'ব ৷ পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব," খাটনীয়াৰে এইদৰেও কয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com