হোজাইত ঘোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ  লাট মণ্ডল

হোজাইত ঘোচ লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল

এই তথ্য সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে
Published on

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে হোজাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন বিষয়াক ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত বিষয়াজনৰ নাম দেৱানন্দ বৰা ৷ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাই এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই তথ্য সদৰী কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এটা টুইটত কয় , " হোজাইৰ ৰাজহ চক্ৰ কাৰ্যালয়ত আজি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দেৱানন্দ বৰা নামৰ এজন লাট মণ্ডলক ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।"

ইয়াৰ পূৰ্বেও যোৱা কিছুদিনত ৰাজ্যত ঘোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হৈছে কেবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী। এই আৰম্ভণিতে গুৱাহাটীত ২০ হেজাৰ টকা ঘোচ লোৱা অৱস্থাত এজন চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হয়। এই অভিযুক্ত বিষয়াজন হৈছে পশুপালন আৰু পশু চিকিত্সা বিজ্ঞান বিভাগৰ উপ-সঞ্চালক । অভিযুক্তজনে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা তিনিজনী গৰুসহ কোকৰাঝাৰস্থিত নিজৰ পামলৈ এখন ট্ৰাক পাৰ হবলৈ দিছিল।  এই সম্পৰ্কত কোকৰঝাৰৰ আৰক্ষী অধীক্ষকে অভিযোগ পোৱাৰ পাছতে ঘটনাটো পোহৰলৈ আহে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com