

গুৱাহাটীৰ উজান বজাৰ অঞ্চলত এটা তিনিজনীয়া দলৰ আক্ৰমণত আহত এজন যুৱকৰ চিকিত্সাধীন অৱস্থাত মৃত্যু হৈছে। অভিযোগ অনুসৰি মাজনিশা দলটোৱে উপৰ্যুপৰি প্ৰহাৰ কৰে যুৱকজনক। ড্ৰাগছ ক্ৰয়ৰ বাবে পইচা বিচাৰি নাপায় উন্মত্ত দলটোৱে অকলশৰে কামৰ পৰা অহা যুৱকজনক মৰিয়াই মৃতপ্ৰায় কৰে। মৃত যুৱকজনৰ নাম নিজামুদ্দীন আলী বুলি আৰক্ষীয়ে জনায়।
তেওঁ পল্টন বজাৰস্থিত এখন হোটেলৰ কৰ্মচাৰী আছিল।নিশা ঘৰলৈ ঘূৰি আহিছিল কৰ্মস্থলীৰ পৰা। ক'মাত থাকি অৱশেষত মৃত্যু ঘটে নিজামুদ্দীনৰ।
আনহাতে, অভিযুক্তকেইজন হৈছে মণি দাস, ৰাজীৱ দাস আৰু ৰূপম দাস। আটাইকেইজন খাৰঘূলি মালিবাগানৰ বাসিন্দা।
আজি নিজামুদ্দিনৰ পৰিয়ালৰ লগতে স্থানীয় কিছু লোক আহি অভিযুক্ত ঘৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আৰক্ষী আয়ুক্তই জনোৱা মতে, ঘটনাৰ তদন্ত চলি আছে ৷
আৰু পঢ়িব পাৰেঃ চীনক গোপন তথ্য যোগানঃ সাংবাদিকসহ তিনিজন গ্ৰেপ্তাৰ