একপ্ৰকাৰ ক'ৰ'না ভাইৰাছৰ ৰাজধানীত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটী। মাথোঁ এটা দিনতে গুৱাহাটীত চিনাক্ত হ'ল ৫৯৬জন ক'ৰ'না মহামাৰী আক্ৰান্ত। কালি সোমবাৰ, ৬ জুলাইত ৰাজ্যত মুঠ ৭৮৬জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ইয়াৰে ৫৯৮জন গুৱাহাটীৰ। ফলত ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২, ৫৫২লৈ বৃদ্ধি পাইছে।ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ৪,৬২৩ জন হৈছে। এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয়, " ৰাইজ সতৰ্ক হওক। ৰাজ্যত আজি ৭৮৬ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে ৫৯৮জনেই গুৱাহাটীৰ। অনুগ্ৰহ কৰি মাস্ক পৰিধান কৰক। সামাজিক দূৰত্ব বজাই ৰাখক। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকক"। উল্লখ্য যে ইয়াৰ আগদিনা গুৱাহাটীত ৫৫২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়।
আৰু পঢ়িব পাৰেঃ ক'ৰ'নাৰ সংক্ৰমণ বৃদ্ধিঃ পুনৰ সম্পূৰ্ণ তলাবন্ধ যোৰহাট নগৰত!