অৱশেষত দেৱাংগনা কলিতাক জামিন

ন্যায়াধীশ সুৰেশ কুমাৰ কাইটৰ এজনীয়া পীঠে ছাত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰে।
অৱশেষত দেৱাংগনা কলিতাক জামিন
Published on: 

অৱশেষত জামিন মঞ্জুৰ হ'ল অসমৰ ছাত্ৰী দেৱাংগনা কলিতাৰ ৷ নাগৰিকত্ব (সংশোধনী)আইনবিৰোধী প্ৰতিবাদৰ সময়ত দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কলিতাক আজি দিল্লী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।

ন্যায়াধীশ সুৰেশ কুমাৰ কাইটৰ এজনীয়া পীঠে ছাত্ৰীগৰাকীৰ জামিন মঞ্জুৰ কৰে। দেৱাংগনাৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে। ন্যায়ালয়ৰ এই ৰায়ক বহুজনে আদৰণী জনাইছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com