নতুন দিল্লীত স্বাক্ষৰ হ'ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি

নতুন দিল্লীত স্বাক্ষৰ হ'ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি

নতুন দিল্লীত স্বাক্ষৰ হ'ল ঐতিহাসিক তৃতীয় খন বড়ো শান্তি চুক্তি। অৱশেষত আজি নতুন দিল্লীত স্বাক্ষৰিত হ'ল বড়ো শান্তি চুক্তি । এই শান্তি চুক্তিত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বহুতো । চুক্তি খনত স্বাক্ষৰ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰমোদ বড়ো, গোবিন্দ বসুমতাৰীয়েও।‌

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মন্তব্য আগবঢ়ায় যে এই চুক্তিৰ ফলত সমাধান হ'ব দীৰ্ঘদিনীয়া সমস্যা । এই ঐতিহাসিক বড়ো শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰ চৰকাৰ , ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিওটা গোটে ।

এই বড়ো শান্তি চুক্তিৰ ভিতৰত বড়োলেণ্ডৰ বাবে বিভিন্ন সুবিধা সন্নিৱিষ্ট হৈছে।বি টি এ ডিক এতিয়াৰে পৰা বি টি আৰ হিচাপে জনা যাব ।এই চুক্তিৰ অধীনত লাভাৱান হ'ব বড়োলেণ্ড । এই অঞ্চলত বসবাস কৰা লোকসকলে বড়ো শান্তি চুক্তিৰ ফলত লাভ কৰিব বিশেষ অধিকাৰ । বড়োলেণ্ডত কোনো বাহিৰাগত লোকক কোনো ভোটাধিকাৰ দিয়া নহ'ব । আনহাতে বাহিৰৰ কোনো লোকে কাম কৰিবলৈ অনুমতি লোৱাৰ লগতে ইয়াৰ ম্যাদ নিৰ্দিষ্ট সময়লৈ থাকিব ।বি টি এ ডিৰ বাবে নতুন ডি জি আই পদৰ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ।‌বিটিচিৰ আসন‌ ৬০ খনলৈ বৃদ্ধি।‌সংবিধানৰ ১২৫ নং সংশোধনীৰে বি টি এ ডিলৈ বিশেষ ব্যৱস্থা । বড়ো আন্দোলনত মৃতকৰ পৰিয়াল সকললৈ ৫ লাখ টকাৰ সাহাৰ্য্য। এই চুক্তিৰ অধীনত এন ডি এফ বিৰ কেডাৰৰ বাবে পুনৰসংস্থাপনৰ ব্যৱস্থা । উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে হ’ব নতুন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ৩ বছৰত বি টি এ ডিৰ উন্নয়নৰ বাবে ১৫০০ কোটি টকা, জনজাতিৰ ভূমি অধিকাৰ অক্ষুণ্ণ ব্যৱস্থা । তদুপৰি এই শান্তি চুক্তিত কোনো ধৰণৰ ইউ টি‌ চি গঠন কৰা নহ'ল । বি টি আৰত হ’ব নতুন ক্ৰীড়া বিশ্ববিদ্যালয়।তামুলপুৰত কেন্সাৰ হস্পাতাল আৰু মেডিকেল কলেজ স্থাপন।বি টি আৰত স্থাপন হ’ব ৰে’ল ডবা নিৰ্মাণ কাৰখানা।তদুপৰি আন বহু সুবিধা সন্নিৱিষ্ট আছে এই বড়ো শান্তি চুক্তিত ।

উল্লেখ্য যে ১৯৯৩ চনত নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ সৈতে প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।

আনহাতে, ২০০৩ চনত বিদ্ৰোহী গোট বড়ো লিবাৰেশ্যন টাইগাৰ্ছ (বিএলটি)ৰ সৈতে দ্বিতীয়খন বড়ো চুক্তি স্বাক্ষৰিত হৈছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক : Watch 71st Republic Day Celebrations across Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com