এইচ পি চিৰ কৰ্মচাৰীক ৩১ জানুৱাৰীৰ ভিতৰত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ

এইচ পি চিৰ কৰ্মচাৰীক ৩১ জানুৱাৰীৰ ভিতৰত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ

এইচ পি চিৰ কৰ্মচাৰীক ৩১ জানুৱাৰীৰ ভিতৰত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ। ২০১৬ চনত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী ৰূপত চন্দ্ৰ মোহন পাটোৱাৰীয়ে শাসন ভাৰ গ্ৰহনৰ পিছতেই নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল । কিন্তু তিনি বছৰতকৈ অধিক কালৰ সময়তো চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দূৰৰ কথা কাগজ কলৰ ৯০০ কৰ্মচাৰীৰ আৱাসগৃহ সুৰক্ষিত কৰি ৰখাটো অসফল হ'ল চৰকাৰ ।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ অধিকাৰী কুলদ্বীপ বৰ্মাই অহা ৩১ জানুৱাৰীৰ ভিতৰত কাগজ কলটোৰ ৯০০ আৱাসগৃহ খালী কৰিবলৈ কৰ্মচাৰী সকলক নিৰ্দেশ জাৰি কৰিছে। নগাঁও আৰু কাছাৰ কাগজ কলৰ যৌথ সংগ্ৰাম সমিতিৰ মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে আৱাসগৃহ তেওঁলোকে ত্যাগ নকৰে ।‌ যদি চৰকাৰে আৱাসগৃহ সমূহ খালী কৰাৰ বাবে বাহিনী ব্যৱহাৰ কৰে তেন্তে তাৰ বিৰুদ্ধে থিয় দিব বুলি কয় মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে।

লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰথমতে দুটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল। লগতে তেওঁলোকৰ বেতন আৰু অন্য সুবিধা সমূহ প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰিছিল। কিন্তু চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ বিপৰীতে তেওঁলোকৰ আৱাসগৃহ খালী কৰিব বিচাৰিছে।

তদুপৰি এইচ পি চিৰ ৫০০ তকৈ অধিক কৰ্মচাৰীৰ পৰিয়াল জাগীৰোড চহৰত আছে আৰু প্ৰায় ৩৫০ টা পৰিয়াল কাছাৰ জিলাৰ পাঁচগ্ৰামত আছে ।‌

মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে এন চি এল টিয়ে হিন্দুস্তান নিউজপ্ৰিন্টৰ নিলামীৰ আদেশ দিছিল যিটো এইচ পি চিৰ সহায়ক । তাৰ পিছতেই কেৰেলা ৰাজ্য চৰকাৰে ২৫ কোটি টকাৰ সহায়ত প্ৰতিষ্ঠানটো ৰক্ষা কৰিছিল । যদি কেৰেলা চৰকাৰে ২৫ কোটি টকা দিব পাৰে তেন্তে দিছপুৰে ৯৮ লাখ টকা কিয় দিব নোৱাৰে বুলি প্ৰশ্ন কৰে মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে।

উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি কাগজ কলৰ কৰ্মচাৰী সকলৰ ধনো জমা হোৱা নাই । যাৰ ফলত অভাৱৰ সন্মুখীন হৈছে কৰ্মচাৰী সকল। কৰ্মচাৰী সকলে জনোৱা অনুসৰি কগজ কল দুটাৰ ৫৬ জন শ্ৰমিকে বহু মাহ দৰমহা লাভ কৰা নাই ।

কাগজ কল‌ দুটাৰ একাংশ কৰ্মচাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ দাৱী সমূহ উত্থাপন কৰে। অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ প্ৰাপ্য ধন সমূহ আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁলোকৰ দাৱী সমূহ পূৰণ হয় নে নহয় অথবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় এয়া হ'ব লক্ষ্যনীয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com