হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড: চাৰি অভিযুক্তক গুলিয়াই হত্যা কৰা বুলি স্পষ্ট আৰক্ষীৰ

 হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড: চাৰি অভিযুক্তক গুলিয়াই হত্যা কৰা বুলি স্পষ্ট আৰক্ষীৰ

হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড: চাৰি অভিযুক্তক গুলিয়াই হত্যা কৰা বুলি স্পষ্ট আৰক্ষীৰ।হায়দৰাবাদৰ মহিলাচিকিৎসকক দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰি অভিযুক্তৰে হায়দৰাবাদৰ সাদনগৰ অঞ্চলত এক গুলিয়া গুলি

ঘটনাত মৃত্যু হল বুলি ,এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, হায়দৰাবাদ চহৰৰ কাষৰীয়া ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে পুৱতি নিশা আৰক্ষীয়ে চাৰি অভিযুক্তক গুলিয়াই হত্যা কৰে।উল্লেখ্যযোগ্য যে

চাৰি আভিযুক্তক গুলিয়াই হত্যা কৰা সেই একেই ৰাষ্ট্ৰীয় ঘাইপথত কিছুদিন পূৰ্বে দুৰ্ভগীয়া চিকিৎসক দিশাৰ জ্বলন্ত অৱস্থাত মৃত শৰীৰ উদ্ধাৰ হৈছিল।

সূত্ৰ অনুসৰি পুৱা তিনি বজাত ঘটনাৰ তদন্তৰ বাবে চাৰি অভিযুক্তক ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল।কিন্তু চাৰি অভিযুক্তই পলায়নৰ চেষ্টা কৰিছিল বাবে আৰক্ষীয়ে চাৰিওকে গুলিয়াই হত্যা কৰে।

ঘটনাসম্পৰ্কত হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত ভি চি সজ্জানৰে সংবাদমাধ্যমক মন্তব্য কৰে যে, "আজি পুৱতি নিশা ধৰ্ষণকাণ্ডৰ চাৰি অভিযুক্তক পলায়নৰ চেষ্টা কৰোঁতে গুলিয়াই হত্যা কৰা হল।"

যোৱা নৱেম্বৰ ২৮তাৰিখে হায়দৰাবাদ চহৰৰ কাষৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সংলগ্ন এটা সুৰংগত পশু চিকিৎসকগৰাকীৰ মৃত জ্বলন্ত শৰীৰ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত আছিল।যোৱা ২৮তাৰিখে চাৰি অভিযুক্তই পশু চিকিৎসক গৰাকীক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত হত্যা আৰু পিছত মৃত শৰীৰটো জ্বলাই হায়দৰাবাদ আৰু বেংগালুৰু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কলভাৰ্টৰ ভিতৰত পেলাই থয়।

তদন্তকাৰী আৰক্ষীয়ে জনোৱা অনুসৰি চাৰি অভিযুক্তই প্ৰথমে মহিলাগৰাকীৰ দুচকীয়া বাহন খনৰ চকা ফুটাই আৰু তাৰ পিছত সহায় কৰাৰ প্ৰস্তাৱ দি এক আওহতিয়া ঠাইত নি ধৰ্ষণ কৰে।উশাহ লব নোৱাৰি মহিলাগৰাকীৰ মৃত্যু হৈছিল আৰু হত্যা কৰাৰ কিছু সময় পিছতই চাৰি অভিযুক্তই মৃতদেহ জ্বলাই দিছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰে।

উল্লেখযোগ্য যে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল চাৰি অভিযুক্তক। সমগ্ৰ দেশ জোকাৰি যোৱা এই ধৰ্ষণকাণ্ডৰ চাৰি অভিযুক্তৰ নাম হল ক্ৰমে, মহম্মদ আৰীফ, জলু শিৱা, জলু নৱীন আৰু চিন্তাকুন্ত চিনাকসেভুলো।

ভিডিঅ প্ৰতক্ষ্য কৰক: Mahila Congress staged protest against PM Modi-led BJP Govt in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com