যোৰহাট টিয়কৰ নৃশংস ঘটনাঃ চিকিৎসকসকলৰ ২৪ ঘন্টা কৰ্মবিৰতি

যোৰহাট টিয়কৰ নৃশংস ঘটনাঃ চিকিৎসকসকলৰ ২৪ ঘন্টা কৰ্মবিৰতি

যোৰহাট জিলাৰ টিয়ক চাহ বাগিচাত এচাম দুবৃৰ্ত্তই ডা° দেবেন দত্ত নামৰ চিকিৎসকজনক নৃশংসভাবে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ আৰু এই ঘটনাৰ কাৰণে সম্প্ৰতি চিকিৎসকসকলে বিৰোধ প্ৰদৰ্শন কৰিছে। চাহ বাগিছাত চিকিৎসকক নৃশংসভাৱে হত্যা কৰা এই ঘটনা তিনিবাৰৰ কাৰণে সংঘটিত হৈছে ৷

এই ঘটনাই জনসাধাৰণৰ সকলো সহ্যৰ সীমা পাৰ কৰি দিছে ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ এখন বিজ্ঞপ্তি অনুসৰি সাম্প্ৰতিক সময়ত চিকিৎসকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে এইয়াই হৈছে উচিত সময় ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ ৰাজ্যিক সভাপতি ডা° সত্যজিৎ বৰা আৰু ৰাজ্যিক সভাপতি ডা° হেমাংগ বৈশ্যৰ মন্তব্য অনুসৰি চিকিৎসকসকলে কৰ্মবিৰতি ল’ব নিবিচাৰে যদিও এনেধৰণৰ পৰিস্থিতিত কৰ্ম বিৰতি লোৱাৰ বাহিৰে বেলেগ একো বিকল্প নাই।

আনহাতে চিকিৎসকসকলৰ বিৰুদ্ধে প্ৰায় ২৯ টা কেছ দাখিল হৈছে ৷আৰক্ষীয়ে এতিয়ালৈকে কেৱল ১৪ টা কেছৰ অভিযোগ নামা দাখিল কৰিছে। ১০ টা কেছৰ তদন্ত এতিয়াও হৈয়ে আছে ।ভাৰতীয় চিকেৎসাসেৱা কমিটীৰ এক বিশেষ দলে কয় যে বহু চিকিৎসালয়ত চিকিৎসকসকল সুৰক্ষিত নহয় ৷গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই উচিত ব্যৱস্থা ল’ব লাগে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com