সাংবাদিকৰ বাবে ভাৰত বিশ্বৰ অন্যতম বিপজ্জনক দেশঃ প্ৰেছ এমব্লেম কেম্পেইন

এই প্ৰতিবেদনৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে বিশ্বৰ ২৮ খন দেশত ৭৭ জন সাংবাদিক হত্যাৰ বলি হয়।
সাংবাদিকৰ বাবে ভাৰত বিশ্বৰ অন্যতম বিপজ্জনক দেশঃ প্ৰেছ এমব্লেম কেম্পেইন
Published on

প্ৰেছ এমব্লেম কেম্পেইন( PEC)ৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি আফগানিস্তান আৰু মেক্সিকো সাংবাদিকৰ বাবে অতি বিপজ্জনক দেশ। এই প্ৰতিবেদনত ভাৰতৰ নামো অন্তৰ্ভুক্ত হৈছে। আজি ১০ ডিচেম্বৰত বিশ্ব মানৱাধিকাৰ দিৱস উপলক্ষ্যে পি ই চিয়ে এই প্ৰতিবেদন প্ৰকাশ কৰে। সংস্থাটোৰ এই প্ৰতিবেদনৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে বিশ্বৰ ২৮ খন দেশত ৭৭ জন সাংবাদিক হত্যাৰ বলি হয়। 

চলিত বৰ্যত হত্যাৰ বলি হোৱা ৭৭ জন সাংবাদিকৰ ১২ জন আফগানিস্থানত, ১০ জন মেক্সিকোত, সাতজন পাকিস্তানত, ভাৰতত ৬ জন, ফিলিপিনছত ৪ জন, য়েমেইনত ৪ জন আৰু তিনিজন কংগো গণৰাজ্যত হত্যাৰ বলি হয়।  তদুপৰি আজাৰবাইজান, বাংলাদেশ, ব্ৰাজিল, বুৰ্কিনা ফাছো, কলম্বিয়া, ইথোপিয়া, কেনিয়া, নাইজেৰিয়া, ছোমালিয়া আৰু তুৰস্কত ২ জনকৈ সাংবাদিক হত্যাৰ বলি হয়।

আনহাতে, যোৱা ৫ বছৰত মেক্সিকোত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬ জন সাংবাদিক হত্যাৰ বলি হয়। তাৰ পাছতে আফগানিস্তানত ৫৩ জন, ভাৰতত ৪০ জন, পাকিস্তানত ৩৫ জন, ছিৰিয়াত ২৯ জন, ফিলিপিনছত ২২ জন, ইৰাকত ১৮ জন, য়েমেইনত ১৭ জন আৰু ছোমালিয়াত ১৬ জন সাংবাদিক হত্য়াৰ বলি হয়। 

ইপিনে, পি ই চিৰ আন এটা তথ্য় অনুসৰি ২০২০ৰ মাৰ্চৰ পৰা সমগ্ৰ বিশ্বত কোৱিড-১৯ৰ ফলত ১৯ শৰো অধিক সাংবাদিকৰ মৃত্যু হয়। এইসকলৰ ১৩ জন সাংবাদিকৰ মৃত্যু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমান সময়ৰ ভিতৰত হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com