সৌৰ শক্তি‌ বিক্ৰী কৰাৰ বাবে সাজু অসম জলসিঞ্চন বিভাগ

সৌৰ শক্তি‌ বিক্ৰী কৰাৰ বাবে সাজু অসম জলসিঞ্চন বিভাগ
Published on

সৌৰ শক্তি‌ বিক্ৰী কৰাৰ বাবে সাজু অসম জলসিঞ্চন বিভাগ। ৰাজ্যৰ জলসিঞ্চন বিভাগে এ পি ডি চি এলক বিদ্যুৎ ৰপ্তানি কৰাৰ আশা কৰিছে য'ত তেওঁলোকৰ প্ৰধান মন্ত্ৰী কৃষি সঞ্চয় যোজনা- হৰ খেতি কো পানী ' ৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হ'ব । বিভাগটোৱে ২০২০ ৰ মে'-জুনৰ সময়ত এই যোজনাৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰাৰ আশা কৰিছে ।

এই আঁচনিৰ অধীনত প্ৰত্যোক খেতিতে পানী যোগান ধৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থ মন্ত্ৰালয়লৰ‌ মন্ত্ৰী মণ্ডল সমিতিয়ে ২০১৫ চনৰ ১ জুলাইত এই যোজনাৰ মঞ্জুৰী প্ৰদান কৰিছিল । অৱশ্যে ২০১৮-১৯ বৰ্ষতহে ইয়াক অনুমোদন কৰা হৈছিল। প্ৰথম পৰ্যায়ত আছিল ৪,৭৭০ টা প্ৰকল্পৰ সহায়ত সৌৰ শক্তি আৰু ২,৪৩৫ টা বিদ্যুৎ প্ৰকল্প । প্ৰথম পৰ্যায়ৰ প্ৰকল্পটোৰ বাবে মুঠ ৰাশি আছিল ২৪৪ কোটি টকা আৰু কেন্দ্ৰ ই ইয়াৰ ১৩০ কোটি টকা অসমক মঞ্জুৰী প্ৰদান কৰিছে ।

বিভাগৰ কতৃপক্ষ অনুসৰি মাৰ্চ ২০২০ ত এই প্ৰকল্প সমাপ্তৰ সময়সীমা আছিল । কিন্তু অসমৰ প্ৰকল্পত পলমকৈ মঞ্জুৰীৰ প্ৰদান কৰা ফলত ইয়াৰ কাম সম্পূৰ্ণ নহ'ল । তদুপৰি কোভিড -১৯ ৰ লকডাউনৰ ফলত ইয়াৰ কাম আৰু অধিক পলম হৈ আছে । কিন্তু লকডাউনৰ শিথিলতাৰ বাবে পশ্চিম বংগ , দিল্লী আৰু মহাৰাষ্ট্ৰৰ চৰকাৰলৈ বিভাগে পত্ৰ প্ৰেৰণ কৰিছে যে তেওঁলোকে‌ যাতে এই যোজনাৰ বাবে অনা সামগ্ৰীৰ গাড়ী অহাত বাধা আৰোপ নকৰে । এই সামগ্ৰী সমূহ অনা হৈছে । যাৰ বাবে চলিত বৰ্ষৰ জুনত এই কাম সম্পূৰ্ণ হ'ব পাৰে বুলি কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com