অৱশেষত কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰৰ জামিন লাভ

পৰৱৰ্তী সময়ত তেওঁলোকক অসম আৰক্ষীয়ে এন আই এলৈ হস্তান্তৰ কৰে।
অৱশেষত কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰৰ জামিন লাভ

অৱশেষত জামিন লাভ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰে। শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ৰ গুৱাহাটীস্থিত বিশেষ আদালতে কৃষক মুক্তিৰ নেতাজনৰ জামিন মঞ্জুৰ কৰে। ৩০হেজাৰ টকাৰ ছিউৰিটীৰ বিনিময়ত কোঁৱৰে জামিন লাভ কৰে। এই কথা সদৰী কৰে কোঁৱৰৰ এজন অধিবক্তাই। উল্লেখ্য যে কৃষক মুক্তিৰ নেতা কোঁৱৰ ক'ৱিড-১৯ত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে। নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী আন্দোলনে ৰাজ্যত প্ৰবল ৰূপ দাৰণ কৰাৰ সময়তে আৰক্ষীয়ে কোঁৱৰসহ কৃষক মুক্তিৰ একাংশ নেতাক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁলোকক অসম আৰক্ষীয়ে এন আই এলৈ হস্তান্তৰ কৰে।

উল্লেখ্য যে শেহতীয়াভাবে অখিল গগৈক বাদ দি কৃষক মুক্তিৰ আটাইকেইজন কাৰাৰুদ্ধ নেতাক আদালতে জামিন প্ৰদান কৰে। গতিকে সম্প্ৰতি অখিল সন্দৰ্ভত ন্যায়পালিকাই কি স্থিতি গ্ৰহণ কৰে, সেয়া জানিবলৈ উদগ্ৰীৱ হৈ আছে বহুজন। ইয়াৰ সমান্তৰালভাবে অখিলৰ মুক্তিৰ দাবী তুলি বহু লোক সৰৱ হৈ উঠিছে। কালি আদালতে তিনিটা গোচৰত অখিলক জামিন প্ৰদান কৰে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com