কাইলৈ ১ ছেপ্টেম্বৰৰ পৰা অখিলৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰচাৰ অভিযান

কৃষক মুক্তিৰ নেতৃত্বই কয় যে অখিলক আইনী সাহায্য প্ৰদানৰ বাবে সংগ্ৰহ কৰা ধনৰ পৰিমাণ ২২ লাখ ২৫ হাজাৰ ১৪১ টকা হৈছে।
কাইলৈ ১ ছেপ্টেম্বৰৰ পৰা অখিলৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰচাৰ অভিযান

কৃষক মুক্তিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈৰ মু্ক্তিৰ দাবীত কাইলৈ ১ ছেপ্টেম্বৰৰ পৰা সংগঠনটোৱে ৰাজ্যজুৰি প্ৰচাৰ অভিযান উলিয়াব। ইয়াৰ জৰিয়তে কৃষক মুক্তিয়ে এই দাবীৰ প্ৰতি জন সমৰ্থন আদায়ৰ আঁচনি লৈছে। আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা সদৰী কৰি কৃষক মুক্তিৰ নেতৃত্বই কয় যে অখিলৰ মুক্তিৰ দাবীত এই অভিযান তীব্ৰতৰ কৰি তোলা হ'ব। আনহাতে, অখিলক আইনী সাহায্য প্দাদনৰ বাবে বিভিন্নজনৰ পৰা দানৰূপে ২২ লক্ষাধিক টকা সংগ্ৰহিত হৈছে বুলি সংবাদমেলত কৃষক মুক্তিৰ নেতৃত্বই প্ৰকাশ কৰে। সংবাদমেলত কৃষক মুক্তিৰ নেতৃত্বই কয় যে অখিলক আইনী সাহায্য প্ৰদানৰ বাবে সংগ্ৰহ কৰা ধনৰ পৰিমাণ বৰ্তমানলৈকে ২২ লাখ ২৫ হাজাৰ ১৪১ টকা হৈছে।

ইপিনে, আগন্তুক নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উত্খাত কৰাৰ স্বা্ৰ্থত ৰাজ্যৰ সকলো আঞ্চিলক দলক ঐক্যবদ্ধ হবলৈ কৃষক মুক্তিয়ে আহ্বান জনাইছে। এই সংবাদমেলত গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতি মুখ্য কাৰ্য্যলয়ত অনুষ্ঠিত সংবাদ মেলত সমিতিৰ উপদেষ্টা আৰু গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহান আৰু ভাস্কো ডি শইকীয়া উপস্থিত থাকে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com