নেৰানেপেৰা বৰষুণঃ বৰাক উপত্যকাত ভয়াবহ ভূমিস্খলনত কমেও ২০ জনৰ মৃত্যু

উপত্যকাটোৰ তিনিওখন জিলাক এই ভূ-স্খলনে জোঁকাৰি গৈছে।
নেৰানেপেৰা বৰষুণঃ বৰাক উপত্যকাত ভয়াবহ ভূমিস্খলনত কমেও ২০ জনৰ মৃত্যু

নেৰানেপেৰা বৰষুণঃ বৰাক উপত্যকাত ভয়াবহ ভূমিস্খলনত কমেও ২০ জনৰ মৃত্যু

নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভয়াবহ ভূমিস্খলনে একপ্ৰকাৰ মৃত্যৰ কিৰিলি তুলিলে বৰাক উপত্যকাত। উপত্যকাটোৰ তিনিওখন জিলাক এই ভূ-স্খলনে জোঁকাৰি গৈছে। যোৱা নিশা ভূমিস্খলনত কৰিমগঞ্জৰ কালীগঞ্জত দুটি শিশুসহ একেটা পৰিয়ালৰ পাঁচজনৰ প্ৰাণহানি ঘটে। নিশা এই ভূমিস্খলন সংঘটিত হয় কালীগঞ্জৰ কৰিমপুৰ গাঁৱত। ভূমিস্খলনটোত প্ৰাণ হেৰুওৱা কেইজন হৈছে আজিৰ উদ্দিন(৫৭),

ৰাজিয়া বেগম(৪০), আফতাৰ হুছেইন(১০),আনোৱাৰ উদ্দিন (৭) আৰু তাহেৰা বেগম (৫) বুলি জানিব পৰা গৈছে। লগতে আন ঘৰৰ আৰু এজন ছোৱালী জয়নব বিবিৰ(১৪) ও মৃত্যু হৈছে। নেৰানেপেৰা বৰষুনৰ ফলত এই ভূমিস্খলন সংঘটিত হয় বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে।পৰিয়ালটোৰ বাসগৃহৰ ওপৰত মাটি খহি এই শোকাবহ ঘটনা সংঘটিত হয়। পাছত স্থানীয় লোকে মাটিৰ তলৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে। ইপিনে, কাচাৰ আৰু হাইলাকান্দিতো ভূমিস্খলনৰ ফলত ১৪ জন লোকৰ প্ৰাণহানি ঘটিছে। এই দুৰ্ভগীয়াসকলৰ সাতজন কাচাৰৰ আৰু আনকেইজন হাইলাকান্দিৰ। উদাৰবন্দত সংঘটিত এক ভূমিস্খলনত এটা ৯জনীয়া পৰিয়ালৰ সাতজনৰ মৃত্যু হয়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com