অভিলেখঃ একেকোবে পেট্ৰ'লত ১০ টকা আৰু ডিজেলত ১৩ টকা শুল্ক বৃদ্ধি কেন্দ্ৰৰ

বুধবাৰৰ পৰা প্ৰতি লিটাৰ ডিজেলত ১৩ টকা আৰু প্ৰতিলিটাৰ পেট্ৰ’লত ১০টকাকৈ শুল্ক বৃদ্ধি কৰা হৈছে।
অভিলেখঃ একেকোবে পেট্ৰ'লত ১০ টকা আৰু ডিজেলত ১৩ টকা শুল্ক বৃদ্ধি কেন্দ্ৰৰ

ক'ৰ'না সংহাৰ বৃদ্ধি তথা বিভীষিকাৰ মাজতে বয়-বস্তুৰ মূল্য আকাশলংঘী হোৱাৰ আশংকাই দেখা দিছে । কাৰণ আজিৰ পৰা কেন্দ্ৰই অভিলেখসংখ্যকভাবে পেট্ৰ'ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জাৰি কৰা এক জাননী অনুসৰি বুধবাৰৰ পৰা প্ৰতি লিটাৰ ডিজেলত ১৩ টকা আৰু প্ৰতিলিটাৰ পেট্ৰ'লত ১০টকাকৈ শুল্ক বৃদ্ধি কৰা হৈছে।

আৰ্থিক মন্দাৱস্থা দূৰ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কাৰ বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে এইবাৰকে ধৰি চলিত দুমাহৰ ভিতৰত চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ শুল্ক দুবাৰকৈ বৃদ্ধি কৰিছে। তদুপৰি দেশৰ কেইবাখনো ৰাজ্যই পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত নিজাববীয়াকৈ কৰ আৰোপ কৰিছিল। যাৰ বাবে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য।

অসমতো কৰ'ণা ভাইৰাছৰ লকডাউনৰ সময়চোৱাত আৰ্থিক দুৰাৱস্থা কিছু দূৰ কৰিবলৈ চৰকাৰে ৫ টকাকৈ ভেট আৰোপ কৰি পেট্ৰপণ্যৰ মূল্য বৃদ্ধি কৰে। অৱশ্যে এই শুল্ক বৃদ্ধিৰ প্ৰভাৱ খুচুৰাকৈ পেট্ৰ'ল আৰু ডিজেল ক্ৰয় কৰা গ্ৰাহকসকলৰ ওপৰত নপৰে বুলিও সদৰী কৰিছে বিত্ত মন্ত্ৰণালয়ে। একেদৰে অসমৰ পদাংক অনুকৰণ কৰি দিল্লী চৰকাৰেও বৃদ্ধি কৰিছে পেট্ৰল আৰু ডিজেলৰ মূল্য। ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাৰ অজুহাত দি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত ১.৬৭ টকা আৰু প্ৰতি লিটাৰ ডিজেলত একেকোবে ৭.১০টকা বৃদ্ধি কৰা হৈছে। অসমৰ দৰে দিল্লী চৰকাৰেও পেট্ৰ'ল-ডিজেলত ভেট বৃদ্ধি কৰিছে। এইদৰে চৰকাৰসমূহে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰাত অচিৰেই বয়-বস্তুৰ দাম আকাশলংঘী হোৱাৰ আশংকাই দেখা দিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com