অসমৰ বান: বান পীড়িতই এতিয়াও লাভ কৰা নাই ক্ষতিপূৰণ

অসমৰ বান: বান পীড়িতই এতিয়াও লাভ কৰা নাই ক্ষতিপূৰণ

ৰাজ্যত প্ৰত্যেক বছৰে জনসাধাৰণক বানে ধন জন সকলোবোৰ সৰ্বস্বান্ত কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে ৷কিন্তু প্ৰশ্ন হয় যে, চৰকাৰে বানাক্ৰান্ত লোকসকলক সময় মতে কিয় বানৰ কাৰণে আৱশ্যকীয় ক্ষতিপূৰণ প্ৰদান নকৰে? অসমত বানাক্ৰান্ত লোকসকলক সময়সমতে আৱশ্যকীয় ধনৰ যোগান নধৰাতো বা ক্ষতিপূৰণ নিদিয়াটো নতুন কথা নহয়। ৰাজ্যত বানাক্ৰান্ত লোকসকলক কপোৰ আৰু বাচন বৰ্তন ক্ৰয় কৰাৰ কাৰণে প্ৰদান কৰিব লগা টকাৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে ৷

ৰাজ্য চৰকাৰে চলিত বৰ্ষত বান শিবিৰসমূহত আশ্ৰয় লোৱা লোকসকলৰ প্ৰত্যক পৰিয়ালক ঘৰলৈ যোৱাৰ সময়ত প্ৰয়োজনীয় কাপোৰ আৰু বাচন বৰ্তন ক্ৰয় কৰিবৰ কাৰণে ৩,৮০০ টকা প্ৰদান কৰাৰ কথা স্পষ্ট কৰি দিছিল ৷কিন্তু বাস্তৱত দেখা যায় যে বিগতসময়ত হোৱা বানৰ সময়ত আশ্ৰয় শিবিৰসমূহত প্ৰায় ৯০ শতাংশ পৰিয়ালক বান ক্ষতিপূৰণ দিবলৈ এতিয়াও বাকী আছে ৷লগতে চলিত বৰ্ষতো বানত আক্ৰান্ত হোৱা প্ৰায় ৮০ শতাংশ লোকৰ বাসগৃহৰ লগতে ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছিল যদিও তেওঁলোকে সাম্প্ৰতিক সময়লৈকে কোনো ক্ষতিপূৰণ লাভ কৰা নাই ।

ইফালে বান ক্ষতিপূৰণৰ কাৰণে ধন মোকলাই নিদিয়াৰ কাৰণ স্পষ্ট হৈ পৰিছে ৷ কাৰণ এই ক্ষেত্ৰত এক সুনিশ্চিত ব্যৱস্থা কৰাৰ বিপৰীতে দিছপুৰে পুৰণি ব্যৱস্থাকে ব্যৱহাৰ কৰি আছে । এক বিশেষ সূত্ৰৰ মত অনুসৰি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ পৰিয়ালক ৩,৮০০ টকাকৈ প্ৰদান কৰিবলৈ দিয়া ৪০ কোটি টকাৰ ফাইল এতিয়াও বিত্ত বিভাগতে আছে ৷ গতিকে ধন মোকলাই নিদিয়াৰ কাৰণ ধনৰ সীমিত পৰিমাণ নহয়। কৰ্তৃপক্ষৰ হেমাহীহে ইয়াৰ অন্যতম কাৰণ। আনহাতে চলিত বৰ্ষত ৰাজ্যত প্ৰায় ১.৫ লাখ হেক্টৰ ভূমি ক্ষতি গ্ৰস্ত হয়।

কিন্তু এতিয়াও বহু জিলাসমূহত বানত ক্ষতি হোৱা বিভিন্ন বস্তুৰ হিচাপ কৰা নাই। ইফালে ক্ষতি গ্ৰস্ত হোৱা একাংশৰ তালিকা উকায়ুক্তই বিভাগীয় কৰ্তৃপক্ষই প্ৰেৰণ কৰিব৷ ইয়াৰ পিছত কৰ্তৃক্ষই ৰাজহ বিভাগক বানৰ ক্ষতি হোৱা তালিকাখন প্ৰেৰণ কৰিব ৷ৰাজহ বিভাগে তালিকাখন পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি তালিকাখন বিত্ত বিভাগক প্ৰেৰণ কৰিব ৷গতিকে প্ৰশ্ন হয়,বানত সৰ্বস্ব হেৰুৱা লোকসকলৰ ক্ষেত্ৰত দিছপুৰে অনতিপলমে ব্যৱস্থা ল’ব পাৰিবনে, এয়া এক বৃহৎ প্ৰশ্ন ?

ভিডিঅ প্ৰতক্ষ্য কৰক :AASU Secretary Lurinjyoti Gogoi slams Government of Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com