দেশজোৰা তলাবন্ধ : চাহেব-ই-বাৰাত ঘৰৰ ভিতৰতে পালনৰ আহ্বান মুছলমান সমাজৰ

 দেশজোৰা তলাবন্ধ : চাহেব-ই-বাৰাত ঘৰৰ ভিতৰতে পালনৰ আহ্বান মুছলমান সমাজৰ
Published on

দেশজোৰা তলাবন্ধ : চাহেব-ই-বাৰাত ঘৰৰ ভিতৰতে পালনৰ আহ্বান মুছলমান সমাজৰ। ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰিছে তলাবন্ধৰ।‌ সেই অনুসৰি মুছলমানসকলৰ ৯ এপ্ৰিলত হ'ব লগীয়া উৎসৱ চাহেব-ই-বাৰাত ঘৰৰ পৰা পালন কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় মুছলমান কবৰস্থান সমিতিয়ে।

আমোলাপট্টী কবৰস্থান সমিতিৰ সভাপতি তাৰিক ৰহমান আৰু সম্পাদক জাভেদ ৰহমানে কোনো লোককে ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে। লগতে সমূহীয়া স্থানৰ যোৱাৰ পৰিৱৰ্তে ঘৰতে নামাজ আৰু জেৰাত কৰিবলৈ আহ্বান জনাইছে সমিতিয়ে।‌

তদুপৰি নীলপুল গ্ৰাহামবজাৰ কবৰস্থান সমিতিৰ সভাপতি আমানুল্লা আনছাৰী আৰু নাছেৰ চুলতানে ঘৰৰ পৰাই এই উৎসৱ পালন কৰিবলৈ আহ্বান জনায়।‌ লগতে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় । লগতে দুয়োখন সমিতিয়ে জেৰাতৰ বাবে কবৰ স্থানলৈ নগৈ ঘৰৰ পৰা নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনাইছে।‌

লগতে ইমাম পৰিষদেও সকলোকে ঘৰৰ ভিতৰতে এই উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com