১৯দিন বৃদ্ধি দেশজোৰা তলাবন্ধঃ ৩ মে'লৈ স্থগিত যাত্ৰীবাহী ৰেলসেৱা

১৯দিন বৃদ্ধি দেশজোৰা তলাবন্ধঃ ৩ মে'লৈ স্থগিত যাত্ৰীবাহী ৰেলসেৱা

১৯দিন বৃদ্ধি দেশজোৰা তলাবন্ধঃ ৩ মে'লৈ স্থগিত যাত্ৰীবাহী ৰেলসেৱা । ক’ৰ’না মহামাৰী সংহাৰ বৃদ্ধি পোৱাৰ মাজতে আজি পুৱা ১০ বজাত দেশবাসীক তৃতীয় বাৰৰ বাবে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পূৰ্বৰ সময়সূচী অনুসৰি ১৪ এপ্ৰিললৈ লকডাউন ঘোষণা কৰা হৈছিল যদিও এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰি ইয়াক ৩ মে' কৰা হয় । এই সময়চোৱাত ভাৰতীয় ৰেলৱেই অহা ৩ মে'লৈ যাত্ৰীৰ বাবে ৰেলসেৱা বাতিল কৰিছে । লকডাউনৰ সময়চোৱাত ৰেলৰ টিকট বুকিং কাউন্টাৰো বন্ধ থাকিব।

প্ৰধানমন্ত্ৰী মোদীয়ে দেশজুৰি তলাবন্ধ বৃদ্ধিৰ বাবে কৰা ঘোষণাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় ৰেলৱেই।‌

এই কথা ঘোষণা কৰি ৰেল মন্ত্ৰালয়ে কয় যে সকলো ধৰণৰ যাত্ৰীবাহী ৰেল যেনে প্ৰিমিয়াম ৰেল, মেইল/এক্সপ্ৰেছ ৰেল, যাত্ৰীবাহী ৰেল, মফচলীয় ৰেল, কলকাতা মেট্ৰো ৰেল, আদিকে আদিকে ধৰি সকলো ধৰণৰ যাত্ৰীবাহী ৰেলসেৱা অহা ৩ মে'ৰ মধ্যৰাতিলৈ বন্ধ থাকিব।‌

সকলো যাত্ৰীৰ ৰেলৰ টিকট বাতিল কৰাত গুৰুত্ব প্ৰদান কৰি ৰেল মন্ত্ৰালয়ে কয় যে সংৰক্ষিত অথবা অ-সংৰক্ষিত সকলো ধৰণৰ যাত্ৰীৰ বাবে ৩ মে'লৈ বন্ধ থাকিব।

কোভিড -১৯ ৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পাবলৈ ১৩,৬০০ তকৈ অধিক যাত্ৰী, মেইল, এক্সপ্ৰেছ আদিৰ চলাচল ২৪ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ বাতিল কৰা হৈছিল।

অৱশ্যে এই সময়ছোৱাত ভাৰতীয় ৰেলৱে কিছুমান বিশেষ বস্তুৰ বাবে ৰেলৰ চলাচল অব্যাহত ৰাখিছে । মালগাড়ীত বিভিন্ন ধৰণৰ শাক-পাচলি, ফল মূল আদি আমদানি কৰা হৈছে।‌

উল্লেখ্য যে ৰেলৱে ৫০০০ টা ডবাক কোভিড-১৯ ৰ আইচোলেছন ৱাৰ্ডলৈ ৰূপান্তৰিত কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com