অখিল গগৈৰ জামিন আবেদন খাৰিজ এন আই এ আদালতৰ

এন আই এ-ৰ বিশেষ আদালতে জামিন আবেদন নাকচ কৰাৰ পাছত অখিলৰ অধিবক্তাই জনায় যে তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।
অখিল গগৈৰ জামিন আবেদন খাৰিজ এন আই এ আদালতৰ
Published on: 

এন আই এ-ৰ আদালতত খাৰিজ হৈছে অখিল গগৈৰ আবেদন। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিলৰ জামিনক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে আজি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ৰ গুৱাহাটীস্থিত বিশেষ আদালতে তেওঁৰ জামিন আবেদন নামঞ্জুৰ কৰে।

উল্লেখ্য যে নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী আন্দোলনে ৰাজ্যত প্ৰবল ৰূপ ধাৰণ কৰাৰ সময়তে যোৱা ডিচেম্বৰত কৃষক মুক্তি নেতাজনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত তেওঁক এন আই এলৈ অসম আৰক্ষীয়ে হস্তান্তৰ কৰে। কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিলক চাবুৱা আৰক্ষী থানাত ৰুজু হৈ থকা দুটা গোচৰত জামিন প্ৰদান কৰে। কিন্তু বৰ্তমানেও তেওঁ আৰু দুটা গোচৰত জামিন লাভ কৰা নাই।

আজি এন আই এ-ৰ বিশেষ আদালতে জামিন আবেদন নাকচ কৰাৰ পাছত অখিলৰ অধিবক্তাই সাংবাদিকক জনায় যে তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com