ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ১৯৫১ চন ভিত্তি বৰ্ষ হ’ব লাগে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ১৯৫১ চন ভিত্তি বৰ্ষ হ’ব লাগে

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তি বৰ্ষ ১৯৫১ চন হ’ব লাগে। চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহু স্বদেশী লোকৰ নাম বাদ পৰিছে ৷এইয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত বি বৰুৱা মহাবিদ্যালয়ত লোক জাগৰণ মঞ্চ অসমৰ কিছুমান আলোচনা হয়। চলিত বৰ্ষত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত হাজাৰৰো অধিক বিদেশীৰ নাম সন্নিৱিষ্ট হৈছে ৷আৰু স্বদেশী লোকৰ নাম বাদ পৰিছে ।গতিকে বহু লোকে এই পঞ্জীখনক গ্ৰহণ কৰিব পৰা নাই।

ইফালে এই বৈঠকখনক লগতে কোৱা হয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব লাগে ৷১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে ল’ব লাগে ৷ আৰু বৈঠকখনত আইন,বিধায়িনী আদি বিভিন্ন প্ৰক্ৰিয়াৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আপীল কৰাৰ সিদ্ধান্ত লয় ৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত ৰাজ্যবাসীক জাগৰিত কৰিবলৈ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ।

উল্লেখ্য যে ধ্ৰুৱ প্ৰসাদ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনত বহু সংগঠনে ভাগ লয় ৷ তাৰ ভিতৰত সত্ৰ,ধৰ্মীয় নেতা,বুদ্ধিজীৱী,সাহিত্যকাৰ আৰু শিক্ষাবিদৰ উপৰিও বৰপেটা আৰু কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ বৈশিষ্ঠ্য দেৱ শৰ্মা আৰু সোনাৰাম শৰ্মা বুঢ়া ভকত,অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী,সদৌ অসম জনজাতি সংঘ,অসম পাব্লিক ৱকাৰ্চ আৰু বহু ছাত্ৰ সংগঠন উপস্থিত আছিল ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women’s College

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com