অৰুণাচলৰ টিৰাপত জালত পৰিল এন এছ চি এন(আই-এম)ৰ কেডাৰ

ধৃত এন গছ চি এন কেডাৰজনক লম্বেন শ্বিন (৪৫)বুলি চিনাক্ত কৰা হৈছে ৷
অৰুণাচলৰ টিৰাপত জালত পৰিল এন এছ চি এন(আই-এম)ৰ কেডাৰ

অৰুণাচলৰ টিৰাপত জালত পৰিল এন এছ চি এন(আই-এম)ৰ কেডাৰ

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ এক দুৰ্গম স্থানত জালত পৰিছে এন এছ চি এন(আই-এম)-ৰ এজন কেডাৰ। যোৱা ছয় জুনত ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই টিৰাপ জিলাৰ দেওমালিৰ পৰা এন এছ চি এন(আই-এম)ৰ কেডাৰজনক কৰায়ত্ব কৰে ৷ সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাৰ গোপন তথ্যৰ ভিত্তিত উক্ত অভিযান চলোৱা হয় ৷ ধৃত এন গছ চি এন কেডাৰজনক লম্বেন শ্বিন (৪৫)বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা ৭.৬৫পিষ্টল আৰু দুজাঁই সজীৱ গুলি উদ্ধাৰ কৰে ৷ ধৃত লম্বেনৰ ঘৰ টিৰাপৰ ল'মলো গাঁৱত ৷ কেডাৰজন ধনদাবীৰ জড়িত থকা বুলি নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ লম্বেন জালত পৰাটো এন এছ চি এন(আই-এম)ৰ বাবে মোক্ষম আঘাত বুলি ভাৰতীয় সেনাৰ গুৱাহাটীস্থিত শিবিৰৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া পি খংছাইয়ে মন্তব্য কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com