নতুন যান বাহন আইন বলৱৎ হোৱাৰ পিছত উদং হৈছে বহুতৰ ভৰাঁল: জৰিমনা ভৰিল ৮৬,৫০০ টকা

নতুন যান বাহন আইন বলৱৎ হোৱাৰ পিছত উদং হৈছে বহুতৰ ভৰাঁল: জৰিমনা ভৰিল ৮৬,৫০০ টকা

নতুন যান বাহন আইন উলংঘা কৰি সম্প্ৰতি উপাৰ্জনৰ ভৰাঁল উদং হৈছে বহু লোকৰ ৷ কিন্তু উপায় নাই, যান বাহন আইন উলংঘা কৰিছে যেতিয়া,ধন ভৰিবই লাগিব ৷ বিগত কেইদিনত যান বাহন আইন উলংঘা কৰি ৩৫০০০ টকা পৰ্যন্ত জৰিমনা ভৰা কথাটো সকলোৰে নিশ্চয় মনত আছে ৷কিন্তু শেহতীয়াকৈ ওৰিষ্যাৰ এজন ট্ৰাক চালকে যান বাহন আইন উলংঘা কৰি ভৰিব লগা হোৱা ধনৰ পৰিমাণে সকলোৰে মাজত চৰ্চা লাভ কৰিছে। কাৰণ লোকজনে যান বাহন আইন উলংঘা কৰি জৰিমনা ভৰে ৮৬,৫০০ টকা ।

সম্প্ৰতি এই ধন দেশৰ সকলোতকৈ যান বাহনৰ ক্ষেত্ৰত লোৱা জৰিমনাৰ ৰাশি হিছাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷ গতিকে সম্প্ৰতি আশোক যাদৱ নামৰ লোকজনে ভৰা যান বাহনৰ, জৰিমনাৰ এখন বিশেষ চালান সকলো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। ইফালে আশোক যাদৱে জৰিমনা ভৰা এই বৃহৎ পৰিমাণৰ জৰিমনাৰ ভিতৰত আছে অন্য ব্যক্তিক গাড়ী চলাবলৈ দিয়া ৷

এই ক্ষেত্ৰত জৰিমনা হয় ৫০০০ টকা,লাইচেন্স নোহোৱাকৈ গাড়ী চলোৱাত ৫০০০ টকা জৰিমনা,১৮ টনৰ অধিক লোডিং কৰাত ৫৬০০০ টকা আদিকে ধৰি আন বহু বিষয়ত জৰিমনা বিহা হয়। কিন্তু যান বাহন আৰক্ষীৰ লগত প্ৰায় পাঁচ ঘন্টা মত বিনিময় কৰাৰ পিছত আৰক্ষী শেষ সময়ত ৭০০০০ টকাতে মান্তি হয়।

আনহাতে আৰক্ষীয়ে জৰিমনা বিহা ট্ৰাকখন আছিল নাগালেণ্ডৰ এটা কোম্পানী বিএলএ ইনফ্ৰাষ্টকচাৰ প্ৰাইভেট লিমিটেডৰ ।আংগুল জিলাৰ পৰা ছত্তিছগড়লৈ যোৱা এই ট্ৰাকখনে জেচিবি কঢ়িয়াই লৈ ফুৰিছিল ৷উল্লেখ্য যে উৰিষ্যাই নতুন যান বাহন আইন ২০১৯ বলৱৎ হোৱাৰ প্ৰথম চাৰি দিনৰ ভিতৰতে ৮৮ লাখ টকা জৰিমনা হিছাপে সংগ্ৰহ কৰিছে ৷

উল্লেখ্য যে নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷ আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Amit Shah's Two Days Assam Visit: On Monday, Home Minister visits Kamakhya Temple

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com