বাঘজানৰ অগ্নিকাণ্ডঃ দুই নিহতৰ পৰিয়াললৈ অইল ইণ্ডিয়াৰ ৩০লাখকৈ টকা

এই অগ্নিকাণ্ডই ইমানেই ভয়াৱহ ৰূপ লয় যে ওচৰ-পাঁজৰৰ বহু হেজাৰ লোকৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিবলগীয়া হয় ৷
বাঘজানৰ অগ্নিকাণ্ডঃ দুই নিহতৰ পৰিয়াললৈ অইল ইণ্ডিয়াৰ ৩০লাখকৈ টকা

বাঘজানৰ অগ্নিকাণ্ডঃ দুই নিহতৰ পৰিয়াললৈ অইল ইণ্ডিয়াৰ ৩০লাখকৈ টকা

বাঘজান তৈল ক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ড নিৰ্বাপনত নিয়োজিত দুৰ্ভাগ্যজনকভাবে মৃত্যুমুখত পৰা দুই অগ্নি-নিৰ্বাপক বাহিনীৰ পৰিয়ালবৰ্গলৈ ৩০লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়াইছে অইল ইণ্ডিয়া লিমিটেডে ৷ সোমবাৰে এই ধনৰ চেক অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক(চি এম ডি) সুশীল চন্দ্ৰ মিশ্ৰই দুই দুৰ্ভগীয়া অগ্নিনিৰ্বাপক কৰ্মী ক্ৰমে তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ পৰিয়ালক প্ৰদান কৰে ।অইলৰ চি এম ডিৰ পৰা এই ধনৰ চেক প্ৰয়াত গোহাঁইৰ পত্নী আৰু প্ৰয়াত গগৈৰ পত্নীয়ে গ্ৰহণ কৰে ৷ উল্লেখ্য যে যোৱা ৯জুনত অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ৫নম্বৰ খাদত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই অগ্নিকাণ্ডই ইমানেই ভয়াৱহ ৰূপ লয় যে ওচৰ-পাঁজৰৰ বহু হেজাৰ লোকৰ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিবলগীয়া হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com