ঘৰত দেৱ-দেৱীৰ ফটো নথকা আপোনালোক কিহৰ হিন্দু ,উত্তেজিত লোকৰ প্ৰশ্ন

ঘৰত দেৱ-দেৱীৰ ফটো নথকা আপোনালোক কিহৰ হিন্দু ,উত্তেজিত লোকৰ প্ৰশ্ন
Published on

ঘৰত দেৱ-দেৱীৰ ফটো নথকা আপোনালোক কিহৰ হিন্দু ,উত্তেজিত লোকৰ প্ৰশ্ন

“হিন্দু হোৱা সত্বেও আপোনালোকৰ ঘৰত দেৱ-দেৱীৰ ফটো নাই কিয় ?” এখন মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক তথা তেওঁৰ পৰিয়ালক উদ্দেশ্যি এই প্ৰশ্ন একাংশ উত্তেজিত লোকৰ। ঘটনাৰ স্থান কাছাৰৰ শিলচৰ। দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাৱলী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাঙুৰি ফে’চবুকত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত যোৱা শুকুৰবাৰে শিলচৰৰ গুৰুচৰণ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক সৌৰদীপ সেনগুপ্তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভাৰতীয় দণ্ড বিধিৰ কে’বাটাও ধাৰা আৰু তথ্য-প্ৰযুক্তি আইনৰ ধাৰাত সেনগুপ্তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ইয়াৰ প্ৰাকমুহূৰ্তত গুৰুচৰণ কলেজৰ একাংশ ছাত্ৰসহ জয়শ্ৰী ৰাম ধ্বনি দিয়া উত্তেজিত লোকৰ এটা দল অধ্যাপক সেনগুপ্তাৰ ঘৰত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেতিয়া ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ সেনগুপ্তা আৰক্ষী থানাত উপস্থিত হয়।

কিন্তু পূৰ্বৰে পৰা ৰুজু কৰি থোৱা গোচৰত আৰক্ষীয়ে অধ্যাপকজনক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি সেনগুপ্তাই দিল্লীৰ শেহতীয়া হিংসাত্মক ঘটনাক ২০০২ৰ গুজৰাট গোষ্ঠী সংঘৰ্ষৰ পুনৰাবৃত্তি আখ্যা দি ফে’চবুকত আপডেট দিছিল। ইয়াৰ লগে লগে বহু ফে’চবুক ব্যৱহাৰকাৰীয়ে তেওঁক তীব্ৰ ভাষাৰে সমালোচনা কৰাত তেওঁ বিতৰ্কিত আপডেটটো ডিলিট কৰে। পাছত তেওঁ ইয়াৰ বাবে ফেচবুকত এটা লাইভ ভিডিঅ’ দি ক্ষমাও বিচাৰে। আনহাতে, অধ্যাপকজনে বিতৰ্কিত ফেচবুক আপডেটটোৰ জড়িয়তে প্ৰধানমন্ত্ৰী মোদীক অপমান কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে গুৰুচৰণ কলেজৰ ১০জন ছাত্ৰই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে। অৱশেষত যোৱা শুকুৰবাৰে নিশা নাটকীয় পৰিৱেশত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ প্ৰাক-মুহূৰ্তত তেওঁৰ ঘৰত উপস্থিত হোৱা উত্তেজিত জনতাৰ দলটোৱে অধ্যাপকজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক উচ্চ-বাচ্য কৰে। পাছত এই কথা সদৰী কৰি সেনগুপ্তাৰ এগৰাকী আত্মীয়ই সাংবাদিকক কয়,” তেওঁলোক(উত্তেজিত জনতাৰ দলটো)-এ আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আমাক উচ্চ-বাচ্য কৰে। আমাৰ প’ৰ্টিক’ত কিয় দেৱ-দেৱীৰ ফটো ৰখা নাই বুলি প্ৰশ্ন কৰে। তেওঁলাকে আমাক উদ্দেশ্যি ক্ষোভেৰে কয়, “ ঘৰত দেৱ-দেৱীৰ ফটো নৰখা আপোনালোক কিহৰ হিন্দুহে?” উত্তেজিত লোকসকলৰ মুখত এনে উচ্চ-বাচ্য শুনি পৰিয়ালটো হতবাক হৈ পৰে। সেনগুপ্তাৰ আত্মীয়গৰাকীয়ে কয় যে উত্তেজিত লোকসকলে জয়শ্ৰী ৰাম ধ্বনি দি আছিল। উল্লেখ্য যে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী) আইনৰ একাংশ প্ৰতিবাদকাৰী আৰু এই আইনৰ একাংশ সমৰ্থনকাৰীৰ মাজত দিল্লীত একেৰাহে চাৰিদিন ধৰি হোৱা সংঘৰ্ষত কমেও ৪২ জন লোকে প্ৰাণ হেৰুৱায়। মৃতসকলৰ মাজত এজন আৰক্ষী বিষয়া, এজন কনিষ্টবল আৰু এজন চোৰাংচোৱা বিষয়াও আছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Fans of Zubeen Garg prays for his early recovery in Gohpur, Watch here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com