অসমত আৰু এজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি, স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা

আজি তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ৰোগীজন সুস্থ হৈছে।
অসমত আৰু এজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি, স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা
Published on: 

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি, স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা

অসমত আৰু এজন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। এই ক'ৰ'না আক্ৰান্তজন গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল। আজি তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। ৰোগীজন সুস্থ হৈছে। এই কথা প্ৰকাশ কৰি টুইটাৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " আৰু এজন ক'ৰ'না আক্ৰান্তক এম এম চি এইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। তেওঁৰ শেহতীয়া নমুনা পৰীক্ষাত নিগেটিভ পোৱা গৈছে। ফলত অসমত সুস্থ হোৱা ক'ৰ'না ৰোগীৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি পাইছে। অসমৰ এই পৰ্যন্ত ৬৪জন ব্যক্তি ক'ৰ'নাত আক্ৰান্ত হৈছে"। সম্প্ৰতি ৰাজ্যত ২২জন ক'ৰ'না আক্ৰান্তহে চিকিৎসাধীন হৈ আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com