গুৱাহাটীত ৱেল্ডাৰৰ আত্মহননঃ আয়ৰ পথ নথকাত চৰম পথ বাছি লোৱাৰ সন্দেহ

ৱেল্ডাৰজনে নিৰূপমা ইঞ্জিনীয়াৰিং নামৰ প্ৰতিষ্ঠানখনত ৱেল্ডাৰৰ কাম কৰিছিল।
গুৱাহাটীত ৱেল্ডাৰৰ আত্মহননঃ আয়ৰ পথ নথকাত চৰম পথ বাছি লোৱাৰ সন্দেহ
Published on

গুৱাহাটীৰ ভি আই পি ৰোড অঞ্চলত এজন ৱেল্ডাৰে চিপজৰী লৈ আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ভি আই পি ৰোড অঞ্চলত বাস কৰা নিপন ডেকা নামৰ ৱেল্ডাৰজনে যোৱা বৃহস্পতিবাৰে পুৱা চিপজৰী লৈ আত্মহত্যা কৰে। তেওঁৰ প্ৰকৃত ঘৰ দৰং জিলাৰ ছিপাঝাৰত। সন্দেহ কৰা মতে, মহামাৰী সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ সময়ছোৱাত কৰ্মহীন হৈ পৰাত দিকবিদিক হেৰুৱাই ডেকাই আত্মহননৰ পথ বাছি লয়। তেওঁ পথৰ বিভাজকৰ এজোপা গছত চিপজৰী লয়।

এই সম্পৰ্কত ডেকাৰ প্ৰতিৱেশী ৰমেন দাসে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে ডেকাই এখন ৱেল্ডিঙৰ দোকানত বহু বছৰ ধৰি কাম কৰিছিল। তেওঁ স্থানীয় লোকসকলৰ প্ৰিয়পাত্ৰ আছিল।আনহাতে, ঘটনা সন্দৰ্ভত চৰকাৰী সূত্ৰই কয় যে ৱেল্ডাৰজনে তিনিদিন মানৰ পূৰ্বে আত্মহত্যা কৰে।কাৰণ তেওঁৰ শৰীৰ ফুলি উঠিছিল আৰু পঁচিবলৈ ধৰিছিল।দাসৰ মতে, আৰ্থিক সমস্যাত ভুগি ৱেল্ডাৰজনে আত্মহননৰ পথ বাছি লয়।আনহাতে, ডেকাৰ আন এজন প্ৰতিবেশীয়ে জনোৱা মতে, ৱেল্ডাৰজনে নিৰূপমা ইঞ্জিনীয়াৰিং নামৰ প্ৰতিষ্ঠানখনত ৱেল্ডাৰৰ কাম কৰিছিল। লক-ডাউনৰ পাছত তেওঁ জীৱিকাৰ পথ ৰুদ্ধ হয় বুলি লোকজনে কয়। মৃত ডেকাৰ পুত্ৰই অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com