মন্দিৰসমূহত থকা কাছসমূহৰ স্থিতি এক চিন্তনীয় বিষয় ৷ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত পোৱা কাছ আৰু বিভিন্ন প্ৰজাতিৰ কাছসমূহক লৈ বহুত সমৃদ্ধিশালী ৷ বিশ্বৰ ২৫ শতাংশ কাছৰ সংৰক্ষণ ইয়াত পোৱা যায়। কিন্তু মানুহৰ কাছৰ প্ৰজাতিৰ ওপৰত কৰা হস্তক্ষেপ,ব্যৱসায় আদিৰ কাৰণে কাছসমূহৰ প্ৰজাতি লাহে লাহে হ্ৰাস পাইছে ৷এই কাছসমূহ বিভিন্ন ধাৰ্মিক অনুষ্ঠানত পোৱা যায় ৷ আৰু এই কাছসমূহ কিছুক্ষেত্ৰত মানুহৰ অন্ধবিশ্বাসৰ কাৰণ হৈ পৰে ৷
অসমত প্ৰায়ভাগ মন্দিৰতে পুখুৰী আছে ৷আৰু এই পুখুৰী সমূহৰ অধিকাংশতে কাছৰ বিভিন্ন প্ৰজাতি উপলব্ধ। সমগ্ৰ অসমত ২৫ তকৈ অধিক মন্দিৰত কাছ আছে ৷ কিন্তু এই মন্দিৰ সমূহত থকা পুখুৰীসমূহত দেৱাল সমূহ পকাৰে নিৰ্মাণ কৰা যাৰ কাৰণে কাছ সমূহৰ প্ৰজনন হ’ব নোৱাৰে ৷ সংবাদদাতাৰ সৈতে মত বিনিময় কৰি ড° ৰাজীৱ বসুমতাৰী নামৰ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ বিষয় শিক্ষক গৰাকীয়ে কয় যে জ্ঞান আৰু জাগৰণৰ অভাৱৰ কাৰণে অসমত এই মন্দিৰসমূহৰ দেৱালসমূহ পকাৰে নিৰ্মিত ।শীতল তেজৰ প্ৰাণীসমূহৰ দেহ গৰম কৰি ৰাখিবৰ কাৰণে সূৰ্যৰ পোহৰ আৱশ্যকীয় ৷
আনহাতে প্ৰাকৃতিক ভাৱে নিৰ্মাণ কৰা এটা পুখুৰীত উপযুক্ত প্ৰাকৃতিক পৰিস্থিতি বৰ্তি থাকে। আৰু পানীক ছাফা কৰাৰ নিজৰ প্ৰক্ৰিয়া থাকে। কিন্তু আমি যেতিয়া পুখুৰীক ছাফা কৰাৰ নামত বিভিন্ন পানীত থকা গছ আদি পুখুৰীত পেলাই দিও,তেতিয়া পুখুৰীৰ প্ৰাকৃতিক সন্তুলন নষ্ট হয় । কাৰণ এটা পুখুৰীত কেৱল কাছ বা মাছ ৰাখিলেই ন’হব।
তাত প্ৰকৃতিক অন্য উপকৰণসমূহো লাগিব। ইয়াৰোপৰি কাছ বিস্কুট বা ফুলা চাউল দিলেও পিএইচ,অক্সিজেন, মেলাপন আৰু মাইক্ৰ’বিয়েল বৃদ্ধি কৰি পানীক প্ৰদূষিত কৰে। কিন্তু কিছুমান মন্দিৰৰ পুখুৰীত প্ৰায়ে কাছ এৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত লোকসকলৰ জাগৰণৰ অভাৱৰ ওপৰিও মন্দিৰৰ কৰ্তৃপক্ষৰ জাগৰণৰ অভাৱ দেখা যায়। আনহাতে কাছ সমূহক ৰখা পুখুৰীসমূহ পকী কৰি দিয়াৰ পিছত কাছৰ প্ৰজনন ক্ষমতা হ্ৰাস পাই। আৰু কাছৰ প্ৰজননৰ বিবিধতা হ্ৰাস পাইছে।
গতিকে ড° বসুমতাৰীৰ মত অনুসৰি মন্দিৰ বিষয়বীয়া,অসমৰ বন বিভাগ আৰু জিলা প্ৰশাসনক এই কাছ সমূহৰ কাৰণে কিছুমান নিয়ম আৰম্ভ কৰিব লাগে । উল্লেখ্য যে কাছসমূহৰ আবাদীৰ কাৰণে কিছুমান পুখুৰীৰ পৰা কাছ সমূহৰ পোৱালীক ডাঙৰ বিল বা নদীত এৰি দিব লাগে যাতে কাছৰ প্ৰজাতিৰ আবাদী বৃদ্ধি হয় ৷
অন্য খবৰৰ বাবে পঢ়ক:চন্দ্ৰযান২: ইছ’ৰোত বিজ্ঞানীসকলৰ মাজত স্থান পাইছে তিনিচুকীয়াৰ নিধি শৰ্মাই ৷