পাঁচ এপ্ৰিলৰ নিশা ৯ বজাত চাকি-বন্তি জ্বলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

 পাঁচ এপ্ৰিলৰ নিশা ৯ বজাত চাকি-বন্তি জ্বলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পাঁচ এপ্ৰিলৰ নিশা ৯ বজাত চাকি-বন্তি জ্বলোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰায় সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে অবিৰাম যুঁজ দি অহা দেশবাসীক অহা পাঁচ এপ্ৰিল অৰ্থাৎ দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে বৈদ্যুতিক লাইট আদি নুমুৱাই মমবাতি, মাটিৰ চাকি অথবা ম’বাইল ফোনৰ ফ্লাছ জ্বলাই ৰাখিবলৈ আহ্বান জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে দেশজোৰা তলাবন্ধৰ বাবে ঘৰৰ ভিতৰত আৱদ্ধ হৈ অনুভৱ কৰা একঘেমেয়ীতা ভংগ কৰা অথবা একোজন দেশবাসীয়ে যাতে অকলশৰীয়া অনুভৱ নকৰে সেয়া নিশ্চিত কৰা।২১-দিনীয়া তলাবন্ধলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে দেশৰ ৩০ কোটি লোকক ধন্যবাদ জনাই মোদীয়ে লগতে কয়,“ ক’ৰ’না ভাইৰাছবিৰোধী যুঁজখনলৈ দেশৰ জনতাই আগবঢ়োৱা সমৰ্থনৰ বাবে মই সদৌতিলৈ ধন্যবাদ জনাইছোঁ। এই যুঁজত কোনো অকলশৰীয়া নহয়।আমি ঐক্যবদ্ধভাৱে যুঁজ দিছো আৰু এই ঐক্যবদ্ধ যুঁজৰ শক্তি প্ৰমাণ কৰিম। আগন্তুক সময়তো আমি সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ থাকি তলাবন্ধৰ নীতি-নিয়ম পালন কৰি এই মহামাৰীবিৰোধী যুঁজখন অব্যাহত ৰাখিম”।আনহাতে, উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি তথ্য মহামাৰীত দেশত কমেও ৫০ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু সহস্ৰাধিক আক্ৰান্ত হৈছে। অসম তথা উত্তৰ-পূবতো আক্ৰান্তৰ সংখ্যা ২০জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com