টকিঅ'ত অনুষ্ঠিত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত শ্বিনজো আবেৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত শ্বিনজো আবেৰৰ অৱদানৰ কথা স্মৰণ কৰে।
টকিঅ'ত অনুষ্ঠিত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত শ্বিনজো আবেৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Published on

টকিঅ' :আজি টকিঅ'ত অনুষ্ঠিত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাত শ্বিনজো আবেৰৰ অৱদানক স্মৰণ কৰে। তেওঁ নিজৰ ভাষণত লগতে কয় যে ,জাপানৰ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকী তেওঁৰ  ঘনিষ্ঠ বন্ধু আছিল  যাৰ বাবে আবেৰৰ মৃত্যু তেওঁৰ বাবে অতি বেদনাদায়ক।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "যোৱাবাৰ মই জাপান ভ্ৰমণ কৰিছিলো, আবে আৰু মোৰ মাজত বহুত দীঘলীয়া বাৰ্তালাপ হৈছিল,জাপান আৰু বিশ্বই এজন মহান দূৰদৰ্শীক হেৰুৱালে  আৰুমই ব্যক্তিগতভাৱে এজন প্ৰিয় বন্ধুক হেৰুৱালো। 

শ্বিনজো আবেৰৰ কাৰ্যকালত ভাৰত-জাপান সম্পৰ্কৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আবেয়ে ভাৰত আৰু জাপানৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ গৈছিল আৰু ইয়াক আন বহুতো ক্ষেত্ৰত সম্প্ৰসাৰিত কৰিছিল। আমাৰ বন্ধুত্বই গোলকীয় দৃষ্টিভংগীৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে তেওঁ কৰা সকলো ভাল কামৰ বাবে আবে চানক স্মৰণ কৰে।  

বর্তমান জাপানৰ প্রধানমন্ত্রী ফুমিঅ' কিছিদাই শ্বিনজো আবেৰৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্রহণ কৰিবলৈ  অহাৰ বাবে ভাৰতৰ প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ,ভাৰত আৰু জাপান কেৱল ভাল বন্ধু নহয়, দুয়োখন দেশকে নতুন উচ্চতালৈ বৃদ্ধি হ'বলৈ ইজনে সিজনৰ প্রয়োজন৷

উল্লেখযোগ্য যে, জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে চলিত বৰ্ষৰ ৮ জুলাইত জাপানৰ নাৰা চহৰত ৰাজনৈতিক প্ৰচাৰ ভাষণ দি থকাৰ সময়তে গুলীয়াই হত্যা কৰা হৈছিল। ২০১২ চনৰ পৰা ২০২০ চনলৈকে তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে আঠ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰত-জাপান সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত শ্বিনজো আবেৰৰ অৱদানক উপযুক্ত স্বীকৃতি দিয়া হৈছিল ,ভাৰত চৰকাৰে ২০২১ চনত আবেক দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ প্ৰদান কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com