দেশৰ অৰ্থনীতি ৫ ত্ৰিলিয়নৰ লক্ষ্যক সমালোচনা কৰা সকলক কটাক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ অৰ্থনীতি  ৫ ত্ৰিলিয়নৰ লক্ষ্যক সমালোচনা কৰা সকলক কটাক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ
Published on: 

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতি ৫ ত্ৰিলিয়নলৈ নিয়াৰ লক্ষ্যক সমালোচনা কৰা সকলক পেচাদাৰী নিৰাশাবাদী বুলি সমালোচনা কৰে ।

" বহুতো লোকে বিজেপি চৰকাৰক ৫ ত্ৰিলিয়ন লক্ষ্যক সমালোচনা কৰিছে। তেওঁলোকে কি বিচাৰিছে? কিয় এই সকলোবোৰ কৰা হৈছে? এই লোক সকলৰ পেচাদাৰী নিৰাশাবাদী বুলি কব লাগে " বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে । উত্তৰ প্ৰদেশৰ বিজেপি সদস্যৰ শাখা উদ্বোধন কৰি মোদীয়ে তীব্ৰ সমালোচনা কৰে সমালোচনা কাৰী সকলক ।

শুকুৰবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কেন্দ্ৰীয় বাজেট দাখিল কৰে । এই বাজেটত ২০২৪- ২৫ লৈ দেশে ৫ ত্ৰিলিয়ন অৰ্থনীতিলৈ অগ্ৰসৰ হৈছে বুলি উল্লেখ আছে।

চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতিক পাঁচ হেজাৰ কোটি ডলাৰ কৰাৰ ৰূপৰেখাও ইয়াত ডাঙি ধৰা হৈছে ৷ অৰ্থনৈতিক সমীক্ষাই সামাজিক দিশত উন্নতি,তথা উদ্যোগিক আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। ইফালে বিত্ত মন্ত্ৰ্যালয়ৰ এক মন্তব্যত প্ৰকাশ পায় যে ২০২৪-২৫ বৰ্ষলৈকে পাঁচ লাখ কোটি ডলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ উন্নয়ন ৮ শতাংশ কৰি ৰখা আৰু ইয়াৰ লগতে বিনিয়োগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে বুলি প্ৰ্কাশ কৰিছিল।

মোদীয়ে প্ৰকাশ কৰে যে, পেচাদাৰী নিৰাশাবাদী , সাধাৰণ লোকতকৈ বেলেগ হয় । যদি এজন সাধাৰণ লোকৰ ওচৰলৈ সমস্যা লৈ যোৱা হয়, সাধাৰণ লোক জনে সমস্যাটো সমাধান কৰিবলৈ পথ উলিয়াব কিন্তু নিৰাশাবাদী লোকৰ ওচৰলৈ নিয়া হয় , তেওঁ সমস্যাটোৰ পৰা ভাবুকিৰ হে সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে।

উত্তৰ প্ৰদেশত ৩৬ লাখ নতুন সদস্য যোগদানেৰে এক বৃহৎ শাখা স্থাপন কৰিছে। এই শাখা উদ্বোধন কৰি মোদীয়ে বিভিন্ন প্ৰান্তৰ ১১ স্থানীয় সদস্যক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনায় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com