জেহাদীৰ যোগাযোগৰ তথ্য সম্পূৰ্ণ উন্মোচনৰ দিশে আৰক্ষী..ধাৰাবাহিক জেৰা অব্যাহত

জেহাদীৰ যোগাযোগৰ তথ্য সম্পূৰ্ণ উন্মোচনৰ দিশে আৰক্ষী..ধাৰাবাহিক জেৰা অব্যাহত
Published on

জেহাদীৰ যোগাযোগৰ তথ্য সম্পূৰ্ণ উন্মোচনৰ দিশে আৰক্ষী..ধাৰাবাহিক জেৰা অব্যাহত।দেওবাৰে তিনি সন্দেহজনক জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীৰ লক্ষ্য এতিয়া জেহাদীৰ যোগাযোগ সমূহ সম্পূর্ণ উন্মোচন কৰা। দেওবাৰে নামনি অসমৰ গোৱালপাৰা জিলাৰ পৰা তিনি সন্দেহজনক উগ্ৰপন্থীক

ধাৰাবাহিকভাবে জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষী,দিল্লী আৰক্ষী,কেন্দ্ৰীয় চোৰাংচোৱাৰ বিশেষজ্ঞ দলে।

অসম আৰক্ষীৰ উপ সঞ্চালকপ্ৰধান মুকেশ আগৰৱালে সংবাদ মাধ্যমৰ আগত মঙ্গলবাৰে কয় যে,''তিনিওকে গ্ৰেপ্তাৰ কৰা হয় দিল্লী আৰক্ষীৰ তথ্য অনুসৰি আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগত যোগাযোগ কৰি। তিনি আভিযুক্তকে আদালতত হাজিৰ কৰোৱা হৈছে আৰু ১২দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে।''

তেওঁ লগতে কয় যে জেৰাৰ সময়ছোৱাত তিনি সন্দেহজনক উগ্ৰপন্থীয়ে স্বীকাৰ কৰিছে জুইচলা আৰু ফটকা তৈয়াৰ কৰাত ব্যৱহিত কেঁচা সামগ্ৰীৰ দ্বাৰা আই ই ডিৰ নিৰ্মান কৰাৰ বিষয়ে।ফৰেনছিকৰ ৰিপোৰ্ট পালেহে আই ই ডি টো কিমান শক্তিশালী আছিল সেয়া জানিব পৰা যাব।তিনিজনে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কত কয় যে জনসমাগম থকা মেলা তেওঁলোকৰ লক্ষ্য আছিল।

অন্যহাতে আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন আইছিছ আৰু জামাত উল মোজাহিদিন বাংলাদেশৰ সৈতে তিনি উগ্ৰপন্থীৰ কোনোধৰণৰ যোগাযোগ আছিল নেকি সেই প্ৰশ্নৰ উত্তৰত আৰক্ষী বিষয়গৰাকীয়ে কয় যে,এজনে আধাৰকাৰ্ডৰ এটা চেণ্টাৰত কাম কৰিছিল,আনজনে গাড়ী চালক হিচাপে কাম কৰিছিল,অন্যহাতে তৃতীয় জনে মাছৰব্যৱসায়ী হিচাপে জীৱননিৰ্বাহ কৰিছিল।আমি এইটো উন্মোচন কৰিব বিচাৰি আছোঁ যে কি কাৰণত তেওঁলোকে এই পথ বাছি ললে।আমাৰ তদন্ত পূৰ্ণগতিত চলি আছে। আমি তদন্ত কৰি আছো কোন সূত্ৰৰ দ্বাৰা তেওঁলোক এই কাম কৰাৰ বাবে প্ৰৰোচিত হল আৰু কোন সূত্ৰই তেওঁলোকক এই দুষ্কাৰ্যত সমৰ্থন দিছিল। তেওঁলোকে নিজৰ স্থানীয় ঠাইত কোনো লোকেল চেল গঠন কৰিছিল নেকি তাৰো তথ্য উন্মোচনৰ বাবে আমি তদন্ত অব্যাহত ৰাখিছো।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com