উন্নত মানদণ্ডৰ চাহে উদ্যোগক জীয়াই ৰাখিবঃ ড° নাজৰানা আহমেদ

উন্নত মানদণ্ডৰ চাহে উদ্যোগক জীয়াই ৰাখিবঃ ড° নাজৰানা আহমেদ
Published on

আসাম টী প্লান্টাৰ্চ এছোচিয়েশ্যনৰ সভাপতি ড° নাজৰানা আহমেদে চাহ উৎপাদন কৰা ক্ষেত্ৰসমূহৰ সমীক্ষা কৰিবলৈ আহ্বান কৰে। শুক্ৰবাৰে বিয়লি যোৰহাটৰ টোকোলাইত চাহ অনুসন্ধান সংস্থাট আয়োজিত এটিপিএ,উত্তৰ পূব চাহ কমিটী, ভাৰতীয় চাহ পৰিষদ আৰু ফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰী ট্ৰেডাৰ্চ এছোচিয়েশ্যনৰ মাজত এখন বৈঠকত ডা° আহমদে কয় যে যে ৭০ শতাংশ অসমৰ চাহ,২৫ শতাংশ ডুৱাৰ্চ চাহ আৰু পাঁচ শতাংশ নিলগিৰী চাহ পেকেটত লোৱা হৈছে৷

লগতে ডা° আহমদে কয় যে বহু চাহৰ পেকেট অসমৰ চাহৰ ৰূপত বিক্ৰী কৰা হয় যদিও এই চাহসমূহৰ বেছিভাগ অসমৰ নহয়। আনহাতে সীমিত মূল্য আৰু অত্যাধিক উৎপাদন হোৱাৰ কাৰণে চাহ উদ্যোগে সন্মুখীন হোৱা সংকটৰ বিষয়ে চিন্তা ব্যক্ত কৰে। লগতে বৈঠকখনত উন্নত মানদণ্ডৰ চাহ উৎপাদনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে ৷

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ’ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পূৰ্বে পৰ্যন্ত।

এই সন্দৰ্ভত মনোহাৰী চাহ বাগিছাৰ মালিক ৰঞ্জন লোহিয়ায়ে প্ৰকাশ কৰে যে, গ’ল্ড টি উৎপাদনৰ বাবে বতৰ এইবাৰ প্ৰতিকুল আছিল আৰু এই বছৰ মাত্ৰ ৫ কিলোগ্ৰামহে উৎপাদনৰ কৰিব পৰা হৈছে । ” লগতে তেওঁ প্ৰকাশ কৰে যে, ” বতৰৰ বাবে উৎপাদন ভাল হোৱা নাছিল বুলি প্ৰকাশ কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Commissioner of Police Deepak Kumar on Kumarpara Murder Incident

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com