ৰাজপথত ৰেচিং! খানাপাৰাত দুৰ্ঘটনাত গুৰুতৰভাবে আহত তিনিজন

এখন তীব্ৰবেগী আই-২০ বাহনে খুন্দা মাৰে এখন গাখীৰভৰ্তি বলেৰো পিক আপ ভানত। 
ৰাজপথত ৰেচিং! খানাপাৰাত দুৰ্ঘটনাত গুৰুতৰভাবে আহত তিনিজন

মঙলবাৰে নিশা গুৱাহাটীৰ খানাপাৰাস্থিত অসম লোকসেৱা আয়োগ (এ পি এছ চি)-ৰ ভৱনৰ সন্মুখত এখন গাড়ীয়ে এখন বলেৰো পিকআপ ভানত খুন্দা মৰাৰ ফলত কমেও তিনিজন লোক গুৰুতৰভাবে আহত হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি I20 বাহনখনে আন এখন ডাষ্টাৰ বাহনৰ সৈতে ৰেচ কৰিছিল। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োখন বাহনৰ চালক তথা আৰোহীসকল। লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দুয়োখন বাহন।

চাৰিচকীয়া বাহন দুখনৰ ৰেচিঙৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাক লৈ প্ৰত্যক্ষদৰ্শীয়ে দোষাৰোপ কৰিছে ডাষ্টাৰ আৰু আই২০ৰ উদণ্ড চালকক। ঘটনাস্থলীত যানবাহন আৰক্ষীৰ দল উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে দুয়োখন বাহন জব্দ কৰিছে।

বৃদ্ধি পাইছে গুৱাহাটীত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানৰ অতপালি। আৰক্ষীয়ে এই সন্দৰ্ভত কেনেধৰণৰ পদক্ষেপ ল'ব সেইয়া লক্ষণীয় হ'ব ।

জয়ানগৰৰ ৱাকিং জ'নত কাৰ ৰেছিং কৰিছিল উদণ্ড যুৱকে । যাৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হৈছে ।

ইয়াৰ পূৰ্বেও মডেল ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত মাতাল হৈ ৯ জনকৈ ৰাজপথত কাম কৰি থকা শ্ৰমিকক গাড়ীৰে মহতিয়াই আহত কৰিছিল । তাৰে এজনৰ ইতিমধ্যে মৃত্য হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com