বাঘজানৰ অগ্নিকাণ্ডস্থলীত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

তৈল প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয় ৷
বাঘজানৰ অগ্নিকাণ্ডস্থলীত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাৰ বাঘজান তৈল ক্ষেত্ৰত আজি উপস্থিত হয় লেফটেনেণ্ট জেনেৰেল তথা তেজপুৰস্থিত তৃতীয় ক'পৰ্ছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং অসম সন্তান ৰাণা প্ৰতাপ কলিতা। আজি সেনা-বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ লেফটেনেণ্ট জেনেৰেল কলিতাই তৈল প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয় ৷ শীৰ্ষ সেনা বিষয়াজনৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক(ই এণ্ড ডি) ডঃ পি চন্দ্ৰশেখৰণসহ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অ' এন জি চিৰ জ্যেষ্ঠ বিষয়াসকলে ৷ পৰিস্থিতি সন্দৰ্ভত তেওঁলোকে বিস্তাৰিতভাবে আলোচনা কৰে ।

উল্লেখ্য যে এই তৈল ক্ষেত্ৰৰ ৫ নম্বৰ খাদত যোৱা ৯ জুনত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ এই অগ্নিকাণ্ডত ওচৰ-পাঁজৰৰ সহস্ৰাধিক লোকো ক্ষতিগ্ৰস্ত হয় । ইপিনে, ভাৰতীয় সেনাই এই দুৰ্যোগৰ সময়ত অইল ইণ্ডিয়া লিমিটেডক ৩৫খন তাপ ৰোধক প্ৰদান কৰিছে ৷ ইতিমধ্যে অগ্নিকাণ্ডস্থলীৰ ওচৰত এই তাপ ৰোধক স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ৷ আনহাতে, অঞ্চলটোত পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱক লৈ বিশেষজ্ঞৰ দলে অধ্যয়ন কৰি আছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com