এনআৰচি: আৰজিআইৰ সংশোধিত বাজেটক ১৬০২.৬৬ কোটিলৈ বৃদ্ধি

এনআৰচি: আৰজিআইৰ সংশোধিত বাজেটক ১৬০২.৬৬ কোটিলৈ বৃদ্ধি

ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেলে এনআৰচিৰ কাৰণে সংশোধিত বাজেটৰ পৰিমাণ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে ১৬০২.৬৬ কোটি টকালৈ বৃদ্ধি কৰিলে ৷ এই বাজেটত ভাৰত চৰকাৰৰ কেবিনেট কমিটীয়ে মঞ্জুৰী দিছে ৷আৰু সংশোধিত বাজেটৰ সন্দৰ্ভত আৰজিআইয়ে ৰাজ্য চৰকাৰৰ লগতে এনআৰচিৰ বিষয় ববীয়াৰ লগত প্ৰথমতেই আলোচনা কৰিছে ৷

ইফালে এনআৰচিৰ কামত বিভিন্ন স্তৰত বিভিন্ন ধন ব্যয় হৈছে ৷ তাৰ ভিতৰত ফিল্ড লেভেলত ৬৬৮.৮১ কোটি টকা,হাৰ্ডৱেৰ আৰু কনজিউমাৰেবেলৰ এনআৰচিৰ সেৱা কেন্দ্ৰত ৩৩১.০১ কোটি টকা,ট্ৰান্সপৰ্ট এগ্ৰীমেন্ট ১৩৬.৯৮ কোটি টকা,চফ্টৱেৰ আৰু ৱেব পৰ্টেল ডেভেলপেেন্টত ৮৭.৭৩ কোটি টকা,ডাটা এন্ট্ৰী চেন্টাৰত ৭৮.৮২ কোটি,জনসাধাৰণৰ মাজত প্ৰচাৰত ৫৯.৩৯ কোটি আদি ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰে ৷

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই৷

অন্য খবৰৰ বাবে পঢ়ক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com