মাৰাডোনাৰ ঘড়ী চুৰি কৰা ৱাজিদৰ ঘৰত অনেক চুৰি সামগ্ৰী উদ্ধাৰ

চুৰি হোৱা সামগ্ৰী সমূহৰ উদ্ধাৰৰ হেতু শিৱসাগৰ আৰক্ষীয়ে ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰত অভিযান চলায়।
মাৰাডোনাৰ ঘড়ী চুৰি কৰা ৱাজিদৰ ঘৰত অনেক চুৰি সামগ্ৰী উদ্ধাৰ

কিম্বদন্তী ফুটবলাৰ ডিয়োগো মাৰাডোনাৰ ঐতিহ্য পূৰ্ণ হাবলট হাতঘড়ী উদ্ধাৰ কৰাৰ পাছতেই অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অন্য বহুতো চুৰি সামগ্ৰী। অসম আৰক্ষীৰ দ্বাৰা উদ্ধাৰ কৰা এই সামগ্ৰী সমূহ প্ৰয়াত খেলুৱৈ গৰাকীৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

অভিযুক্ত ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰত অভিযান চলাই আৰক্ষীৰ দল সফল হৈছে দুটা আই - পেড, এটা জেকেট, এটা টি - চাৰ্ট, দুযোৰ জোতা, এটা পুতলা, দুখন স্কুৱাছ বেট, এটা ঘড়ী, ছটা অগ্নি সংযোগী লাইটাৰ আৰু বহুতো অন্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ।

"কিংবদন্তী ফুটবল খেলুৱৈ ডিয়েগো মাৰাডোনাৰ  চুৰি হোৱা সামগ্ৰী সমূহৰ উদ্ধাৰৰ হেতু শিৱসাগৰ আৰক্ষী বাহিনীৰ দ্বাৰা চৰাইদেউ জিলাৰ খুমটাই অঞ্চলত অৱস্থিত অভিযুক্ত ৱাজিদ হুছেইনৰ শহুৰেকৰ ঘৰত চলোৱা হয় হৈছিল এক উদ্ধাৰ অভিযান।"  দেওবাৰে এই কথা প্ৰকাশ কৰে শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে।

ইয়াৰ লগতে তেওঁ কয়, "সকলো লাগতীয়াল আইনী নিয়মাৱলী সমাপন কৰাৰ পাছত জব্দ কৰা হৈছে উদ্ধাৰ কৰা সামগ্ৰী সমূহ। এই সামগ্ৰী সমূহৰ মাজত কিমান সামগ্ৰী প্ৰয়াত ফুটবল সম্ৰাট গৰাকীৰ এই কথা বৰ্তমান পৰ্যন্ত ঠিৰাং কৰিবলৈ সক্ষম হোৱা নাই।"

যোৱা শুকুৰবাৰে, আৰক্ষীৰ দল সক্ষম হয় য়াত ফুটবল খেলুৱৈ গৰাকীৰ ঐতিহ্য পূৰ্ণ হাবলট হাতৰ ঘড়ী উদ্ধাৰ কৰিবলৈ আৰু ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হয় আৰোপী ৱাজিদক। উল্লেখযোগ্য যে ব্যক্তি গৰাকীয়ে ঘৰোৱা সহায়ক ৰূপে কৰ্মৰত আছিল ফুটবল খেলুৱৈ গৰাকীৰ ডুবাইৰ বাসগৃহত।

ইয়াৰ পূৰ্বে, ভাৰতীয় আইন বিভাগক আৰোপী গৰাকীৰ বিষয়ে অৱগত কৰোৱা হৈছিল ডুবাই আৰক্ষীৰ দ্বাৰা। আৰু পৰবৰ্তী সময়ত ভাৰতীয় আইন বিভাগে ৩৭বছৰ বয়ষীয়া আৰোপী গৰাকীৰ বিষয়ে জনাইছিল অসম আৰক্ষীক। এই ঘটনাক লৈ অসম আৰক্ষীৰ দ্বিতীয় পদক্ষেপ হ'ব ডুবাই আৰক্ষীয়ে বিচৰা ধৰণে ঘটনাটোৰ তদন্ত কৰা।

শিৱসাগৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ জনাই যে, "যদিহে তেওঁলোকে বিচাৰে তেন্তে, আৰোপী গৰাকীক আমি ডুবাই লৈ পঠোৱাৰ ব্যৱস্থা কৰিম। যদিহে তেনে নহয় তেন্তে পৰবৰ্তী পদক্ষেপ ইয়াৰ আইনী ব্যৱস্থাৰ মতে গ্ৰহণ কৰা হ'ব।"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com