চৰকাৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰবাসত থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুখবৰ

চৰকাৰী আৰু মহাবিদ্যালয়ৰ ছাত্ৰবাসত থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুখবৰ

চৰকাৰী,মহাবিদ্যালয় আৰু ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী ছাত্ৰবাসত থাকে ৷ তেওঁলোকৰ কাৰণে সুখবৰ ৷ কাৰণ, ছাত্ৰবাসত থকাৰ ক্ষেত্ৰত অসম চৰকাৰে চাবচিডি প্ৰদান কৰিব । আৰু এই চাবচিডিৰ মূল্য হ’ব প্ৰতি মাহে ৭০০ টকা । ইফালে ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকলক কিছু পৰিমানে বিত্তীয় সকাহ প্ৰদান কৰিবলৈ চৰকাৰে এন পদক্ষেপ হাতত লৈছে ৷

আনহাতে আঠ খন ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ সকলক ৩১ আগষ্ট’ৰ ভিতৰত প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ কয়। ইফালে এক বিশেষ সূত্ৰৰ পোৱা তথ্য অনুসৰি শৈক্ষিক বৰ্ষত ১০ মাহৰ কাৰণে চাবচিডী প্ৰদান কৰিব ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী আৰু বিভিন্ন অঞ্চলৰ পি জি আৰু ব্যক্তিগত হোষ্টেলৰ লগতে ভাৰাঘৰসমূহৰ ক্ষেত্ৰত এক অৰাজকতাই দেখা গৈছে ৷ এনে ধৰণৰ ব্যৱসায়ত জড়িত লোকসকলে স্থায়ী ভূমিৰ নীতি নিয়মক পালন কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা নলয়। ইয়াৰোপৰি জি এম চি আৰু জি এম ডি এৰ বিষয়াসকলে এনে ধৰণৰ বিষয়সমূহত নীতি নিয়ম উলংঘা কৰা সকলৰ ক্ষেত্ৰত কোনো ভূমিকা নলয় । নিয়ম অনুসৰি জি এম চিৰ অনুমতি অবিহনে গুৱাহাটীত পি জি আৰু ব্যক্তিগত ছাত্ৰবাস স্থাপন কৰিবৰ নোৱাৰে ।

অৱশ্যে ৫০ শতাংশতকৈ অধিক পি জী আৰু ব্যক্তিগত ছাত্ৰবাসৰ নগৰ নিগমৰ অনুমতি অবিহনে এতিয়া চলি আছে ৷মন কৰিবলগীয়া কথা এয়ে যে পি জি ,ব্যক্তিগত হোষ্টেলৰ মালিকৰ উপযুক্ত সুবিধাৰ অবিহনে হোষ্টেল আৰু ভাৰাঘৰসমূহ চলাই আছে । গুৱাহাটীত টু লেট চাৰ্ভিচৰ কাৰণে জি এম চিত পঞ্জীকৰণৰ আৱশ্যক ৷ কিন্তু গুৱাহাটীত টু লেট চাৰ্ভিছৰ ৪০ শতাংশৰে পঞ্জীয়ন নাই। গতিকে ইয়াৰ মুখ্য উদ্দেশ্য এটাই যে ভাৰাতীয়া অথবা ব্যক্তিগত হোষ্টেলসমূহৰ লোকসকলৰ পৰা এক বৃহৎ পৰিমাণৰ ধনৰ ৰাশি সংগ্ৰহ কৰা ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com