১৫ মাহ পূৰ্বে সমাপ্ত হ’ল গুৱাহাটী পৌৰ নিগমৰ কাৰ্যকালঃ এতিয়াও হোৱা নাই নিৰ্বাচন

১৫ মাহ পূৰ্বে সমাপ্ত হ’ল গুৱাহাটী পৌৰ নিগমৰ কাৰ্যকালঃ এতিয়াও হোৱা নাই নিৰ্বাচন

গুৱাহাটী পৌৰ নিগমৰ বৰ্তমান কাৰ্যকালৰ সময়সীমা শেষ হোৱা সম্প্ৰতি ১৫ মাহ অতিক্ৰম কৰিলে ৷ কিন্তু গুৱাহাটীৰ পৌৰ নিগমৰ বিষয়াসকলে পৌৰ নিগমৰ নিৰ্বাচনৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ৷ পৌৰ নিগমৰ বৰ্তমান কাৰ্যকাল ২০১৮ চনৰ জুনতেই সমাপ্ত হ’ল ৷ ৰাজ্যৰ নিৰ্বাচনী আয়োগে প্ৰথমতেই ভোটদাতাৰ তালিকা প্ৰকাশ কৰিলে ৷

লোকসভা নিৰ্বাচন, বানপানী, ৩১ আগষ্টত প্ৰকাশিত এনআৰচিৰ পিছত কামৰূপৰ উপায়ুক্তই নিৰ্বাচন সন্দৰ্ভত সেউজ ইংগিত দিব পাৰে বুলি প্ৰকাশ কৰিছে এক বিশেষ সূত্ৰই। ইফালে ২০ ছেপ্তেম্বৰত ৰাজ্যপালৰ এখন সংবাদ বিবৃত্তি অনুসৰি গুৱাহাটী বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক গুৱাহাটী পৌৰ নিগমৰ বিষয়সমূহক চোৱা চিতা কৰিব কাৰণে নিযুক্তি দিয়া হৈছিল ৷

ৰাজ্যৰ নিৰ্বচনী আয়োগৰ মুখ্য নিৰ্বাচী আয়ুক্ত এইচ এন বৰাই দ্য চেন্টিনেলৰ সন্মুখত মন্তব্য কৰে যে ৰাজ্যৰ নিৰ্বাচনী আয়োগক পৌৰ নিগমৰ নিৰ্বাচনৰ কাৰণে সাজু কৰোৱা হৈছিল ৷আৰু এই সন্দৰ্ভত বৈঠক আয়োজিত কৰা হৈছিল। লগতে বিভিন্ন চৰকাৰী কৰ্মচাৰীসকলক এনআৰচিৰ বহু দায়িত্ব অৰ্পণ কৰাৰ কাৰণেও সময়ত মতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাৰ কথা ব্যক্ত কৰে এইচ এন বৰাই।

উচ্চতম ন্যায়ালয়েও নিৰ্দেশ দিছিল যে এনআৰচিৰ কামত নিয়োজিত লোক সকল যাতে অন্য কোনো চৰকাৰী কামত নিয়োজিত নহয়। অন্যহাতে এইচএন বৰাই কয় যে ২০১৮ বৰ্ষত ৰাজ্যৰ নিৰ্বাচন আয়োগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিছাৰিছিল।

২০১৯ চনতো এনআৰচিৰ দীৰ্ঘ সময়,লোকসভা নিৰ্বাচন,বানপানীৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই। চলিত বৰ্ষৰ জুনত ৰাজ্যৰ মন্ত্ৰীসভাই গুৱাহাটী পৌৰ নিগমৰ আধাৰত হোৱা ৱাৰ্ডৰ সংখ্যা ৩১ ৰ পৰা ৬০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে অসমৰ নিৰ্বাচন বিভাগে এই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰা নাই ।

ইফালে ৰাজ্যৰ নিৰ্বাচন আয়ুক্ত এইচ এন বৰাৰ কাৰ্যকাল চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰত শেষ হ’ব ৷বৰাই পাঁচ বছৰৰ কাৰ্যকালত সমগ্ৰ ৰাজ্যত ১০ তকৈও অধিক নিৰ্বাচন হৈছে ৷ ইয়াৰ ভিতৰত ২০১৫ চনত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন,২০১৬ চনত দেউৰী,ঠেঙাল আৰু কাৰ্বি আংলঙৰ নিৰ্বাচন আৰু ২০১৮ চনত ৰাজ্যিক পঞ্চায়ত নিৰ্বাচনৰ লগতে সোনোৱাল কছাৰী, মিছিং আৰু ৰাভা হাচং আদিৰ নিৰ্বাচন উল্লেখযোগ্য ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি ছেপ্তেম্বৰৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সীমিত ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com