কাজিৰঙাত বানৰ তাণ্ডৱত বাঘে আশ্ৰয় ল’লগৈ জিৰণি কোঠাত: চৰ্চিত সৰ্বত্ৰে

কাজিৰঙাত বানৰ তাণ্ডৱত বাঘে আশ্ৰয়  ল’লগৈ জিৰণি কোঠাত: চৰ্চিত সৰ্বত্ৰে

সাম্প্ৰতিক সময়ত ৰাজ্যৰ বানত জনগণৰ লগতে কাজিৰঙাত বন্য জীৱ জন্তুসমূহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ পানীত আৱদ্ধ হৈ থকা জীৱ জন্তুবোৰে সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই গৈ মানুহৰ বাসগৃহত আশ্ৰয় লৈছেগৈ ৷ যিটো খবৰে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ কিন্তু আজি আমি ক’ম এটি বাঘৰ কথাহে ৷ যিয়ে বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবৰ কাৰণে এঘৰ মানুহৰ শোৱনি কোঠাৰ বিচনাত উঠিলগৈ ।এই সমগ্ৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে বানে ৰাষ্ট্ৰীয় অভযাৰণ্য খনৰ প্ৰতিটো প্ৰাণীক হাৰাশাস্তিৰ সন্মুখীন কৰোৱাইছে ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ বন্যপ্ৰাণী উদ্ধাৰকাৰী কৰ্তৃপক্ষই বাঘটোক সুৰক্ষিত কৰাৰ কাৰণে অভিযান আৰম্ভ কৰে ৷ আনহাতে খাদ্যৰ সন্ধানত বাঘে জিৰণি লোৱা ঘৰটোৰ বাসিন্দা আছিল দীপক ওৰাং ৷ইয়াৰ পিছতে বন্যপ্ৰাণী সংস্থাটোৱে বাঘটোৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটি প’ষ্ট কৰে ৷ য’ত বাঘটোক বিছনাত শুই থকা দেখিবলৈ পোৱা গৈছে ৷

ৱাইল্ড লাইফ টাষ্ট ইণ্ডিয়াৰ পোৱা এক তথ্য অনুসৰি বাঘটোক পুৱা ৮.৩০ ত ৰাষ্ট্ৰীয় পথত দেখিছিল স্থানীয় লোকে। আৰু যি স্থানত বাঘটোৱে জিৰণি লৈছিল সেই ঠাইখন কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা মাত্ৰ ২০০ মিটাৰ দুৰত অৱস্থিত ৷ লগতে ৱাইল্ড লাইফ টাষ্ট্ৰ ইণ্ডিয়াই আন এটা টুইট কৰিছে৷ কাৰণ বাঘটো য’ত শুই আছে তাৰ ওপৰত বিলিয়ন চইচ লিখা আছে ৷

আনহাতে ইয়াৰ পিছত বাঘটোক শান্ত কৰাৰ লগতে সুৰক্ষিত স্থানলৈ লৈ যোৱা হয় ৷ উল্লেখযোগ্য যে অসমত কিছু দিনৰ পৰা ধাৰাষাৰ বৰষূণৰ ফলত বন্য জীৱ জন্তু আৰু ঘৰচীয়া জীৱ জন্তুৰ লগতে বানাক্ৰান্তৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইফালে প্ৰায় ৮২ জন বিশেষভাৱে প্ৰশিক্ষিত এটি দলে সমগ্ৰ কাজিৰঙাত বন্য জীৱ জন্তুসমূহৰ সুৰক্ষা দিছে ৷ লগতে শনিবাৰে দুটা কুখ্যাত চিকাৰীক আটক কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী শুক্লবৈদ্যই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সততে বন্য জীৱ জন্তু বিচৰণ কৰে ৷ বিশেষকৈ অভয়াৰণ্যখনত হোৱা বানৰ কাৰণে বন্য জীৱ জন্তুসমূহে বাহিৰত বিচৰণ কৰি ফুৰে ৷ এই সময়তে জীৱ জন্তুসমূহক অতি দ্ৰুত গতিত অহা যোৱা কৰা বাহনৰ দ্বাৰা দুৰ্ঘটনা সংঘটিত হয়।

গতিকে জিলা প্ৰশাসন,স্থানীয় আৰক্ষীসকলে যৌথভাৱে ৰাষ্ট্ৰীয় ঘাই পথত চলাচল কৰা বাহনসমূহৰ গতি যাতে সীমিত হয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰিছে ৷উল্লেখ্য যে মন্ত্ৰী শুক্লবৈদ্যই বানৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ জীৱ জন্তুসমূহক স্থানীয় নাগৰিকে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com