ত্ৰিপুৰাত টিএমচিৰ ঘোষণা দলৰ নিৰ্বাচনী ইস্তাহাৰ

ইস্তাহাৰত অহা পাঁচ বছৰত ২ লাখ চাকৰিৰ প্ৰস্তাৱ ঘোষণা কৰা হৈছে, আৰু বংগৰ উন্নয়নৰ আৰ্হি গ্ৰহণ কৰা হৈছে।
ত্ৰিপুৰাত  টিএমচিৰ ঘোষণা দলৰ নিৰ্বাচনী ইস্তাহাৰ
Published on

আগৰতালাঃ তৃণমূল কংগ্ৰেছে আগন্তুক ত্ৰিপুৰা বিধানসভাৰ বাবে দলৰ নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰে। ইস্তাহাৰত প্ৰাৰম্ভিক এবছৰত পঞ্চাশ হাজাৰ পৰ্যন্ত সুযোগ প্ৰদান কৰাৰ আশ্বাস ঘোষণা কৰা হৈছে, আৰু পিছত দলটোৱে সমগ্ৰ ৰাজ্যৰ ২ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব। ত্ৰিপুৰাৰ টিএমচিৰ প্ৰভাৰী ৰাজীব বেনাৰ্জী, ত্ৰিপুৰা টিএমচিৰ সভাপতি পিজুশ কান্তি বিশ্বাসৰ লগতে টিএমচিৰ সাংসদ সুষমিতা দেৱৰ উপস্থিতিত টিএমচিয়ে নিজৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰকাশ কৰে। দলটোৱে নিজৰ ইস্তাহাৰ দাখিল কৰে, টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ত্ৰিপুৰা ভ্ৰমণৰ মাত্ৰ এদিন পূৰ্বে।উল্লেখযোগ্য যে অহা ১৬ ফেব্ৰুৱাৰীত তৃণমূল কংগ্ৰেছে ২৮খন বিধানসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাজীব বেনাৰ্জীয়ে উল্লেখ কৰে যে, দলটোৱে বেংগল মডেল অৱ ডেভেলপমেণ্টৰ লগত সংগতি ৰাখি ইস্তাহাৰ প্ৰস্তুত কৰিছিল। টিএমচিৰ প্ৰভাৰীগৰাকীয়ে আৰু দৃঢ়তাৰে কয় যে, পশ্চিম বংগ সমগ্ৰ দেশৰ একমাত্ৰ ৰাজ্য, যিখন ৰাজ্য বিগত ১১ বছৰত প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com