হাৰিয়ানাত কথমপিহে দুৰ্ঘটনাগ্ৰস্ত নহ'ল গুৱাহাটী-অমৃতসৰ পাৰ্চেল ৰেল

কিন্তু এই বিষয়ে উক্ত ৰেলৰ সংশ্লিষ্টসকলক অৱগত নকৰিলে ৷ গতিকে অমৃতসৰৰ পৰা ৰেলখনে যাত্ৰা কৰে ৷
হাৰিয়ানাত কথমপিহে দুৰ্ঘটনাগ্ৰস্ত নহ'ল গুৱাহাটী-অমৃতসৰ পাৰ্চেল ৰেল

দৈবক্ৰমেহে এক দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰে গুৱাহাটী আৰু পঞ্জাৱৰ অমৃতসৰৰ মাজত চলাচল কৰা এখন পাৰ্চেল ৰেল ৷ শেহতীয়াভাবে এই ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি হাৰিয়ানাৰ কেশৰী আৰু বাৰাৰা ৰেল ষ্টেচনৰ মাজত ৰেলপথৰ মেৰামতিৰ কাম চলি আছিল। কিন্তু এই বিষয়ে উক্ত ৰেলৰ সংশ্লিষ্টসকলক অৱগত নকৰিলে ৷ গতিকে অমৃতসৰৰ পৰা ৰেলখনে যাত্ৰা কৰে ৷

অৱশেষত মেৰামতিস্থলীৰ পৰা মাথোঁ ১০ মিটাৰ দূৰত্বতহে চালকে ৰেলখন কথমপি ৰখাবলৈ সক্ষম হয় ৷ তীব্ৰবেগী ৰেলখন চালকে পথতে ৰখাবলৈ সক্ষম হোৱাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত নহ'ল ৷ আশ্বৰ্যজনক যে ৰেলপথছোৱা মেৰামতিত নিয়োজিতসকল বা তেওঁলোকৰ উৰ্ধতন কৰ্তৃপক্ষই মেৰামতিস্থল ৰেলপথচোৱাৰ আগত সংকেত ব্যৱস্থা বা পতাকা আঁৰি থোৱা নাছিল ৷ ৰেলখনত চালক, এজন সহকাৰী চালক আৰু এজন মুখ্য ল'ক' পৰিদৰ্শক আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com