তলাবন্ধঃ শাক-পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে উবাৰৰ চালকে

এতিয়া পৰিয়ালৰ ভৰণ-পোষণ দিয়াৰ উপায় নোহোৱা হৈছে
তলাবন্ধঃ শাক-পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে উবাৰৰ চালকে

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষিত তলাবন্ধৰ সময়ত দৰিদ্ৰ আৰু নিম্নবিত্তৰ বহু লোকৰ জীৱনযাত্ৰা দুৰ্বিসহ হৈ উঠিছে।বহুলোকৰ জীৱিকাৰ সম্বল নোহোৱা হৈ পৰিছে। উপায়ান্তৰ হৈ বহু লোকে মহানগৰীৰ পথত কঁচু-ঢেঁকিয়া আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাবলগীয়া হৈছে। এনেদৰে সম্প্ৰতি জীৱিকা অৰ্জন কৰিছে এজন উবাৰৰ গাড়ীচালকে। পূৰ্বে নিতৌ গাড়ী চলাই জীৱিকা আহৰণ কৰা সোণমণি শইকীয়াই সম্প্ৰতি মহানগৰীত শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিবলৈ লৈছে। লকডাউন ঘোষিত হোৱাৰ আগলৈকে নিতৌ পুৱাৰে পৰা সন্ধিয়ালৈকে গাড়ী চলাই ঘূৰি ফুৰা এই যুৱকজনে উপায়ান্তৰ হৈ শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিবলৈ লৈছে।

এই সম্পৰ্কত তেওঁ দ্য ছেণ্টিনেল ডিজিটেলক কয়, "  মোৰ পৰিয়াল ৫জনীয়া। শাক-পাচলি বিক্ৰী কৰাৰ বাহিৰে এতিয়া মোৰ ওচৰত আয়ৰ কোনো পথ নাই। আগতে মই প্ৰতিদিনে ১২০০টকা আয় কৰিছিলো। এতিয়া পৰিয়ালৰ ভৰণ-পোষণ দিয়াৰ উপায় নোহোৱা হৈছে"।আনহাতে, নাগৰিকত্ব আইন(সংশোধনী)বিৰোধী আন্দোলনৰ সময়ৰে পৰা গাড়ীৰ ঋণৰ মাহিলী কিস্তি (ই এম আই)আদায় দিব পৰা নাই বুলিও তেওঁ জনায়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com