তলাবন্ধঃ শাক-পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে উবাৰৰ চালকে

এতিয়া পৰিয়ালৰ ভৰণ-পোষণ দিয়াৰ উপায় নোহোৱা হৈছে
তলাবন্ধঃ শাক-পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে উবাৰৰ চালকে
Published on: 

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষিত তলাবন্ধৰ সময়ত দৰিদ্ৰ আৰু নিম্নবিত্তৰ বহু লোকৰ জীৱনযাত্ৰা দুৰ্বিসহ হৈ উঠিছে।বহুলোকৰ জীৱিকাৰ সম্বল নোহোৱা হৈ পৰিছে। উপায়ান্তৰ হৈ বহু লোকে মহানগৰীৰ পথত কঁচু-ঢেঁকিয়া আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাবলগীয়া হৈছে। এনেদৰে সম্প্ৰতি জীৱিকা অৰ্জন কৰিছে এজন উবাৰৰ গাড়ীচালকে। পূৰ্বে নিতৌ গাড়ী চলাই জীৱিকা আহৰণ কৰা সোণমণি শইকীয়াই সম্প্ৰতি মহানগৰীত শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিবলৈ লৈছে। লকডাউন ঘোষিত হোৱাৰ আগলৈকে নিতৌ পুৱাৰে পৰা সন্ধিয়ালৈকে গাড়ী চলাই ঘূৰি ফুৰা এই যুৱকজনে উপায়ান্তৰ হৈ শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিবলৈ লৈছে।

এই সম্পৰ্কত তেওঁ দ্য ছেণ্টিনেল ডিজিটেলক কয়, "  মোৰ পৰিয়াল ৫জনীয়া। শাক-পাচলি বিক্ৰী কৰাৰ বাহিৰে এতিয়া মোৰ ওচৰত আয়ৰ কোনো পথ নাই। আগতে মই প্ৰতিদিনে ১২০০টকা আয় কৰিছিলো। এতিয়া পৰিয়ালৰ ভৰণ-পোষণ দিয়াৰ উপায় নোহোৱা হৈছে"।আনহাতে, নাগৰিকত্ব আইন(সংশোধনী)বিৰোধী আন্দোলনৰ সময়ৰে পৰা গাড়ীৰ ঋণৰ মাহিলী কিস্তি (ই এম আই)আদায় দিব পৰা নাই বুলিও তেওঁ জনায়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com