আমি জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰা নাই : অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ

 আমি জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰা নাই : অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ

আমি জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰা নাই : অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ। আমি জনসাধাৰণৰ ধনৰ অপব্যৱহাৰ কৰা নাই, ই সঠিক পথতে ব্যয় কৰা হৈছে । এই মন্তব্য প্ৰকাশ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় যে টাইমচ অফ ইণ্ডিয়াই অসমত ৩০ কোটি টকা ব্যয় কৰিছে । এয়া ধন টাইমছ অফ ইণ্ডিয়াই হোটেলত থকাৰ ব্যৱস্থা, যাতায়ত, শ্ৰমিক , স্বেচ্ছাসেৱী সকলৰ মাধ্যমেৰে দি গৈছে । সেয়ে ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ২৩ কোটি টকা ব্যয় কৰাটো ন্যায়সংগত আৰু আমি লগাতকৈ বেছি খৰছ কৰা নাই । ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড হৈ যোৱাৰ পিছত এক সংবাদ মেলত এই কথা ব্যক্ত কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।‌

লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰ আৰু টাইমছ গ্ৰুপৰ মাজত হোৱা স্বাক্ষৰিত চুক্তি অনুসৰি ইতিমধ্যে টাইমছ গ্ৰুপে মুখ্যমন্ত্ৰীৰ ৰাজ কোষলৈ টিকটৰ ৫০% ধন প্ৰদান কৰিছে । তেওঁ জনোৱা অনুসৰি টিকট ক্ৰয়ৰ‌ বাবদ ৪ কোটি টকা আয় কৰা হৈছিল আৰু জি এচ টি কৰ্তনৰ ফলত অসমে লাভ কৰে ১.৬ কোটি টকা । তদুপৰি জি এছ টি ৰ বাবে কৰ্তন কৰা টকা চৰকাৰৰ ওচৰলৈয়ে যাব , ইয়াৰ অৰ্থ এয়ে যে অসম চৰকাৰে ২ কোটি টকা লাভ কৰিছে ।

তেওঁ কয় যে " অসমে ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত ২৩ কোটি টকা ব্যয় কৰিছে আৰু ইয়াৰ দ্বাৰা অৰ্থাৎ ফিল্মফেয়াৰে এইবছৰ দুশ কোটি লোকক চুব বুলি আশা কৰিছো । ইয়াৰ বাবে চৰকাৰে প্ৰম' প্ৰস্তুত কৰিছিল। যদি আমি ভালদৰে চাও তেতিয়া দেখিবলৈ পোৱা যায় যে এটা বিজ্ঞাপন ৰাষ্ট্ৰীয় মাধ্যমৰ টেলিভিছনত প্ৰচাৰ কৰিবলৈ প্ৰায় ২ লাখ টকাৰ প্ৰয়োজন হয়। আমি ২৩ কোটি টকা ব্যয় কৰি বলিউডৰ তাৰকা সকলৰ দ্বাৰা ৮ টা বিজ্ঞাপন প্ৰচাৰ কৰিছো। তদুপৰি অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ ফিল্মফেয়াৰত প্ৰায় ১৬০ জন শিল্পীয়ে অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰিছে " ।

অসমীয়া সংস্কৃতিক প্ৰদৰ্শিত কৰিবলৈ টাইমছ অফ ইণ্ডিয়াক ধন্যবাদ জনাই অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

তদুপৰি টাইমছ অফ ইণ্ডিয়াই দাবী কৰা অনুসৰি ৬৪ বছৰৰ ফিল্মফেয়াৰৰ ইতিহাসত প্ৰথম বাৰৰ বাবে ৮০ জনকৈ তাৰকাই ভাগ লৈছে ।

৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড সফল ভাৱে হৈ যোৱাৰ বাবে অসমৰ জনসাধাৰণ আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com