ভাঙি পৰা অৰ্থনীতিক উদ্ধাৰঃ ৰাহুল গান্ধীক কি ক'লে নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে

মঙলবাৰে নিশা দুয়োৰে বাৰ্তালাপৰ ভিডিঅ ক্লিপ প্ৰচাৰ কৰা হব। এই ক্লিপ ১.৪৪ মিনিট দৈৰ্ঘ্যৰ।
ভাঙি পৰা অৰ্থনীতিক উদ্ধাৰঃ  ৰাহুল গান্ধীক কি ক'লে  নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে

ক'ৰ'না মহামাৰীৰ প্ৰাৰ্দুভাব ৰোধৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে দীঘলীয়া তলাবন্ধ ঘোষণাৰ ফলত দেশত জটিল আৰ্থিক সংকট সৃষ্টিৰ পূৰ্বাভাস ইতিমধ্যে স্পষ্ট হৈছে। এনে অৱস্থাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ইজনৰ পাছত সিজনকৈ খ্যাতনামা অৰ্থনীতিবিদৰে মত বিনিময় কৰিছে। এই মত বিনিময়ৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনীতিক পুনৰুদ্ধাৰ। কিছুদিন পূৰ্বে ৰাহুলে অৰ্থনীতিক পুনৰুদ্ধাৰ সম্পৰ্কত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত তেওঁ অৰ্থনীতিৰ নবেল বঁটাপ্ৰাপ্ত অভিজিত বিনায়ক বেনাৰ্জীৰ সৈতে মত বিনিময় কৰিছে। আজি মঙলবাৰে নিশা দুয়োৰে বাৰ্তালাপৰ ভিডিঅ ক্লিপ প্ৰচাৰ কৰা হব। এই ক্লিপ ১.৪৪ মিনিট দৈৰ্ঘ্যৰ। আনহাতে, ৰাহুলৰে বাৰ্তালাপৰ সময়ত অৰ্থনীতিবিদ বেনাৰ্জীয়ে কয় যে ভাৰতৰ অৰ্থনীতিক পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহত্ পৰিমাণত উদ্দীপনামূলক পেকেজ আগবঢ়াব লাগিব। তদুপৰি দৰিদ্ৰ-নিচলালৈ প্ৰত্যক্ষভাবে ধনৰ যোগান ধৰিব লাগিব। ইতিমধ্যে এনে ব্যৱস্থা মাৰ্কিন প্ৰশাসনে গ্ৰহণ কৰি অৰ্থনীতিক পুনৰুদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে। এনেদৰেহে ভাঙি অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিব পৰা যাব বুলি বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে দেশজোৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩৬কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯২কোটি টকালৈ হ্ৰাস পায় ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com