মই নিৰুপায়,কি কৰিম কওঁক?এই মন্তব্য বাহন চালকৰ:কি সিদ্ধান্ত আৰক্ষীৰ?

মই নিৰুপায়,কি কৰিম কওঁক?এই মন্তব্য বাহন চালকৰ:কি সিদ্ধান্ত আৰক্ষীৰ?

যান বাহন আইন ২০১৯ ক আৰম্ভ কৰাৰ পৰা ইতিমধ্যে বাহনৰ গৰাকীসমূহৰ ভৰাঁল উদং হৈছে। যেতিয়াই হেলমেট পৰিধান নকৰাকৈ আপোনাৰ বাহনখন লৈ আপুনি বাহিৰত যাব তেতিয়াই জানিব আপোনাৰ ভৰাঁল অনতি পলমেই উদং হোৱাটো নিশ্চিত ৷ কিন্তু এইবাৰ সংঘটিত হ’ল আন এটি ঘটনা ৷

সোমবাৰে উদেয়পুৰ জিলাৰ বড়েলীৰ জাকিৰ মাম’ন নামৰ লোকজনক আৰক্ষীয়ে গৈ থাকোঁতে হঠাতে যান বাহন আইন ২০১৯ উলংঘন কৰিছে বুলি অভিযোগ আনে ৷ কাৰণ,জাকিৰ মামনে হেলমেট পৰিধান কৰা নাছিল ৷ কিন্তু ইয়াৰ পিছত জাকিৰ মাম’নৰ ব্যক্তব্যই সকলো আৰক্ষীকে স্তম্ভিত কৰিলে। কাৰণ জাকিৰ মামনৰ মূৰটো ইমানেই ডাঙৰ যে বজাৰত পোৱা কোনো হেলমেটেই মামনৰ কাৰণে উপযোগী নহয়।

জাকিৰ মামনে কয় যে মই আইনক সন্মান কৰোঁ ৷আৰু মই হেলমেট পৰিধান কৰি এই আইনক পালন কৰিব বিছাৰোঁ ৷ মই হেলমেট কিনিবলৈ বহু দোকানলৈ গৈছিলো যদিও মোৰ জোখাৰে কোনো হেলমেট মই নাপালো ৷যিয়ে মোৰ মূৰত ভালকৈ পৰিধান কৰিব পাৰোঁ ৷মই মোৰ লগত সকলো যাৱতীয় নথি পত্ৰ ৰাখো ৷ কিন্তু যেতিয়াই কোনোবাই মোক হেলমেটৰ কথা কয় মই অসহায় হওঁ ৷

এই বুলি আৰক্ষীক নিজৰ বিপদৰ সকলো কথা ক’লে জাকিৰে ৷ জাকিৰ ম’মেন হৈছে এগৰাকী ফলৰ দোকানী ৷ বৃহৎ আকাৰৰ মূৰটোৰ কাৰণে জাকিৰৰ পৰিয়ালৰ লোকসকল প্ৰায়ে চিন্তিত হৈ পৰিছে ৷ কাৰণ জাকিৰ প্ৰত্যেক বাৰ বাহিৰলৈ গ’লেই ধন পৰিশোধ কৰিব লাগিব ৷ আনহাতে এই ঘটনা সন্দৰ্ভত বড়েলীৰ আৰক্ষীৰ এজন বিষয়াই কয় যে এইয়া এক অসাধাৰণ সমস্যা ৷ গতিকে সমস্যাটোৰ কথা চিন্তা কৰি আমি জৰিমনা নোলোৱাৰ সিদ্ধান্ত ল’লো ৷কাৰণ জাকিৰে আইন পালন কৰিছে ৷তেওঁ বাহনৰ সকলো নথি পত্ৰ লগত ৰাখিছে।

বিগত সপ্তাহত গুজৰাট চৰকাৰে নতুন যান বাহন উলংঘন আইন ২০১৯ৰ কিছুমান জৰিমনাৰ পৰিমাণ সীমিত কৰিবলৈ সিদ্ধান্ত লয় ৷ সম্প্ৰতি হেলমেট পৰিধান নকৰাৰ কাৰণে পূৰ্বতে ১০০০ টকাৰ ঠাইত ৫০০ টকা কৰে। চিটবেল্ট পৰিধান নকৰাৰ কাৰণে ১০০০ টকাৰ ঠাইত ৫০০ টকা কৰে ।

উল্লেখ্য যে সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com