শীৰ্ষ বাতৰি
২০ আগষ্টলৈ স্থগিত অসম চৰকাৰৰ স্কুল-কলেজ প্ৰাদেশিকীকৰণৰ ঘোষণা
কিছুদিন পূৰ্বে এখন সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে আগন্তুক সময়ত ভালেসংখ্যক স্কুল-কলেজ প্ৰাদেশিকীকৰণ কৰিব।
অহা ২০ আগষ্টলৈ পিছুৱালে অসম চৰকাৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ ঘোষণা। উল্লেখ্য যে কাইলৈ স্বাধীনতা দিৱসৰ দিনা প্ৰথম পৰ্যায়ৰ বিদ্যালয় প্ৰাদেশিকীকৰণৰ কথা ঘোষণা কথা আছিল। কিন্তু ইয়াৰ প্ৰাকক্ষণত আজি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে অহা ২০ আগষ্টত প্ৰথম পৰ্যায়ৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ কথা ঘোষণা কৰা হ'ব।
উল্লেখ্য যে কিছুদিন পূৰ্বে এখন সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰে আগন্তুক সময়ত ভালেসংখ্যক স্কুল-কলেজ আৰু শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰিব।
আৰু পঢ়িব পাৰেঃ স্নাতক শ্ৰেণীত নামভৰ্তিঃ কটনৰ মেধা তালিকা প্ৰকাশ