চিকিৎসকৰ নিৰাপত্তাৰ বাবে আইন প্ৰনয়ন কৰিবলৈ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

চিকিৎসকৰ নিৰাপত্তাৰ বাবে আইন প্ৰনয়ন কৰিবলৈ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ

সোমবাৰে সমগ্ৰ দেশজুৰি চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । পশ্চিম বংগত চিকিৎসকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ সমালোচনা কৰে । পশ্চিম বংগত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনাৰ পিছত তেওঁলোকৰ নিৰাপত্তাৰ বাবে আইন প্ৰণয়নৰ দাবী উঠিছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰযোগে চিকিৎসকৰ নিৰাপত্তাৰ বাবে আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে কোৱা হৈছিল যে চিকিৎসকসকলৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় আইনৰ খচৰা প্ৰস্তুত কৰাৰ বিষয়টো চৰকাৰে পৰ্যালোচনা কৰিব। পত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০১৭ত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে মন্ত্ৰণালয়ক দিয়া এখন আইনৰ খচৰাও সংলগ্ন কৰি প্ৰেৰণ কৰা হৈছে।

মেডিকেল ছাৰ্ভিচ পাৰ্ছনছ আৰু মেডিকেল ছাৰ্ভিচ ইনষ্টিটিউচন আইন, ২০১৭ৰ খচৰাত চিকিৎসকৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ বাবে ১০ বছৰৰ জে’ল আৰু ৫ লাখ টকাপৰ্যন্ত জৰিমনাৰ শাস্তি উল্লেখ আছে।

২০১৭ চনত IMAই স্বাস্থ্য মন্ত্ৰণালয়ক দাখিল কৰা খচৰা আইনত চিকিৎসকৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইনৰ দাবী জনাইছিল। কলকাতাত এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঘটনাৰ পিছত ইয়াক পুনৰ উত্থাপন কৰা হৈছে। যদিহে এই আইন বলৱৎ হয় তেন্তে চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাসকল সন্মুখীন হ’ব কঠোৰ শাস্তিৰ।সোমবাৰে দেশজুৰি বন্ধ থাকে হাস্পতাল। পশ্চিম বংগত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে সোমবাৰে পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ কৰ্মবিৰতি ঘোষণা কৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে। কলকাতাৰ নীল ৰত্ন চৰকাৰী মেডিকেল কলেজৰ পৰা আৰম্ভ হোৱা ঘটনাক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

দেশজুৰি সকলো হাস্পতালত ২৪ ঘণ্টাৰ বাবে জৰুৰীকালীন সেৱাৰ বাদে সকলো সেৱা বন্ধ থাকিব। অৱশ্যে এই প্ৰতিবাদী কাৰ্যসূচীত অন্তৰ্ভুক্ত নহয় AIIMS। AIIMSৰ ফালৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা হৈছে এই কথা। AIIMSৰ ফালৰ পৰা কোৱা হৈছে যে সোমবাৰৰ পুৱাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত অন্তৰ্ভুক্ত নহয় যদিও এঘণ্টাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।এই বন্ধৰ সময়ছোৱাত সকলো হাস্পতালতে জৰুৰীকালীন সেৱাৰ বাদে এক্সৰে’, এম আৰ আইৰ দৰে সুবিধাসমূহ বন্ধ থাকে। ইয়াৰ উপৰি ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আদিও বন্ধ থাকে কৰ্মবিৰতিৰ সময়ছোৱাত।ইফালে, পশ্চিম বংগত অব্যাহত থকা প্ৰতিবাদৰ মাজতে কনিষ্ঠ চিকিৎসকসকলৰ দাবীক সোমবাৰে বিয়লি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো মেডিকেল কলেজৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। ১৪খন মেডিকেল কলেজৰ দুগৰাকীকৈ প্ৰতিনিধি বৈঠক থাকে মুখ্যমন্ত্ৰীৰ সৈতে। এই প্ৰতিনিধিসকলৰ লগতে মুখ্য সচিব, স্বাস্থ্য বিভাগৰ অতিৰিক্ত আৰু প্ৰধান সচিব আৰু মেডিকেল শিক্ষাৰ সঞ্চালকো উপস্থিত থাকে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com