অসমত বসবাস কৰা সকলো ৰাইজক নিৰাপত্তা প্ৰদান কৰা হব : সৰ্বানন্দ সোণোৱাল

অসমত বসবাস কৰা সকলো ৰাইজক নিৰাপত্তা প্ৰদান কৰা হব : সৰ্বানন্দ সোণোৱাল
Published on: 

কৰিমগঞ্জ জিলাত অনুস্থিত হোৱা মহিলা সমাৰোহত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমত বসবাস কৰা সকলো লোকক নিৰাপত্তা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য।এনআৰচি প্ৰকাশৰ দিন চাপি অহাৰ বাবে কোনেও ভয় খাব নালাগে,প্ৰতিজন অসমত বসবাস কৰা ভাৰতীয় নাগৰিকক ৰাজ্য চৰকাৰে নিৰাপত্তা প্ৰদান কৰিব।ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ উন্নতিৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৰাইজে হাতে হাত ধৰি কাম কৰিব লাগিব।সমাৰোহত বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্বৰ, বন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com